ডাউনলোড
মোবাইল এপ

android apple
signal

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীত দেশবাসীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীত আজি সমগ্র দেশবাসীয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। নতুন দিল্লীৰ ৰাজঘাটৰ বাপুৰ সমাধিস্থলীত গান্ধী জয়ন্তী উপলক্ষে আজি এখন সর্বধর্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভা অধ্যক্ষ ওম বিৰলা, বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে লোকসভা দলৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীলৈ শ্ৰদ্ধা নিবেদন কৰে।
অহিংসা, প্রেম ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশবাসীক মহাত্মা গান্ধীৰ সপোনৰ ভাৰতৰ ধাৰণাৰে সত্য, আৰু বিশুদ্ধতাৰ মূল্যবোধক গ্ৰহণ কৰাৰ সংকল্প ল’বলৈ আহ্বান জনাইছে। জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে দেশ আৰু সমাজৰ উন্নয়ন অবিৰতভাৱে আগুৱাই নিবলৈ জনসাধাৰণক চেষ্টা কৰিবলৈ আহ্বান জনায়।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধী জয়ন্তী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই সত্য আৰু সমতাৰ ভিত্তিত আধাৰিত মহামানৱগৰাকীৰ জীৱন আৰু আদৰ্শই দেশবাসীক সদায় অনুপ্ৰেৰণা যোগাব বুলি উল্লেখ কৰে। ভাৰতৰ প্ৰাক্তন প্রধানমন্ত্রী লাল বাহাদুৰ শাস্ত্ৰীৰ ১২০ সংখ্যক জয়ন্তী উপলক্ষে আজি দেশবাসীয়ে তেওঁক স্মৰণ কৰে। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্রধানমন্ত্ৰীৰ লগতে শাসক বিৰোধীৰ বহুকেইজন নেতা-মন্ত্রীও দিল্লীৰ বিজয় ঘাটৰ নেতাগৰাকীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক