September 17, 2024 6:30 PM | 8th india water week

printer

জল সংৰক্ষণ, উন্নত ব্যৱস্থাপনা, উন্নয়ন আৰু বিতৰণৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গণ আন্দোলন গঢ়ি তোলাৰ আৱশ্যকতাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ গুৰুত্ব আৰোপ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে জল সংৰক্ষণ, উন্নত ব্যৱস্থাপনা, উন্নয়ন আৰু বিতৰণৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গণ আন্দোলন গঢ়ি তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি অষ্টম ভাৰত জল সপ্তাহ উদ্বোধন কৰি শ্ৰীমতী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। তেওঁ জল সংৰক্ষণ আৰু বহন ক্ষমতাৰ বিষয়সমূহ দূৰ কৰাৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টাৰ আৱশ্যকতাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে দেশত পানীৰ উৎস ব্যৱস্থাপনাৰ এনে বহুতো প্রাচীন প্রথা আছে, যিবোৰ আজিও প্রাসংগিক আৰু সেইসমূহ আধুনিক ৰূপত প্ৰয়োগৰ কৰা উচিত। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰাচীন ভাৰতীয় গ্ৰন্থসমূহত হাজাৰ বছৰ পূৰ্বৰ জল সংৰক্ষণৰ ব্যৱস্থা সম্পৰ্কে উল্লেখ আছে। আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে অমৃত সৰোবৰ খনন কৰাৰ লগতে বিভিন্ন জলাশয় পুনৰুজ্জীৱিত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। জল জীৱন মিছনে গ্ৰহণ কৰা ৰূপান্তৰকামী ভূমিকাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ফলত সমগ্ৰ দেশত পানীৰ সম বিতৰণ ব্যৱস্থা উন্নীত হৈছে। এই অভিযানে সকলোৰে বাবে স্বচ্ছ আৰু বিশুদ্ধ পানী নিশ্চিত কৰিছে বুলি উল্লেখ কৰি তেওঁ গ্ৰামাঞ্চলৰ ৭৮ শতাংশ এলেকাত নলযোগে খোৱাপানী যোগান সম্পূৰ্ণ হোৱা কাৰ্যক লৈ সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে এই ব্যৱস্থাই পানীৰ লভ্যতা নিশ্চিত কৰাৰ যাত্ৰাত উল্লেখনীয় পদক্ষেপ হিচাপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে আজি আৰম্ভ হোৱা চাৰিদিনীয়া এই কাৰ্যসূচীত ৪০ খন ৰাষ্ট্ৰৰ ২০০ গৰাকী প্ৰতিনিধিকে ধৰি প্ৰায় ৪ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত শতাধিক প্ৰদৰ্শনকাৰী আৰু ষ্টার্টআপ গোটে জল খণ্ডত তেওঁলোকৰ ভাৱধাৰা প্ৰদৰ্শনীত আলোকপাত কৰিব।

অধিক পঢ়ক

সকলো চাওক