June 16, 2024 1:24 PM | Pijush Hazarika

printer

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাৰ গহপুৰৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াত প্ৰভাৱিত অঞ্চলবাসীৰ সৈতে মত বিনিময়

সাম্প্ৰতিক বান-খহনীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি গহপুৰৰ লোহিতমুখ অঞ্চলৰ কৰৈআতি ভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ লোৱাৰ লগতে খহনীয়াত প্ৰভাৱিত অঞ্চলবাসীৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে কৰৈআতিত ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়ি অহা এটা সুঁতিয়ে সৃষ্টি কৰা খহনীয়াৰ ফলত অঞ্চলটোৰ বহু ৰাইজৰ খেতি-মাটি নৈৰ বুকুত জাহ হৈছে। সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক উৎপল বৰাৰ সৈতে কালি সেই স্থান পৰিদৰ্শন কৰি মন্ত্ৰী শ্ৰীহাজৰিকাই সুঁতিটো ৭টা স্থানত পর্যায়ক্রমে বন্ধ কৰি এলেকাটোত খহনীয়া ৰোধ কৰাৰ লগতে খেতি-বাতিও উদ্ধাৰ কৰিব পৰা যাব বুলি স্থানীয় ৰাইজক আশ্বাস দিয়ে। আনহাতে মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত গহপুৰৰ বান পৰিস্থিতি পূৰ্বৰ তুলনাত ভালেখিনি নিয়ন্ত্রণলৈ অহা বুলি উল্লেখ কৰি কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে গহপুৰ সমষ্টিৰ বান-খহনীয়া ৰোধৰ বাবে বিগত ৩টা বছৰত প্ৰায় আঢ়ৈশ কোটিৰো পুঁজি প্ৰদান কৰিছে। লোহিতমুখৰ খহনীয়া ৰোধৰ কাম সমাপ্ত কৰিলে গহপুৰৰ বান-খহনীয়া সমস্যাৰ প্ৰায় সকলোখিনিয়েই সমাধান হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

অধিক পঢ়ক

সকলো চাওক