জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ অধীনৰ গংগাধৰ নৈৰ তীৰৰ কেইবাখনো ঠাই নাৱেৰে ভ্ৰমণ কৰি জলসম্পদ বিভাগে নিৰ্মাণ কৰা মথাউৰিসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে অসম-পশ্চিমবংগ সীমান্ত অঞ্চলৰ প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা অঞ্চলত প্ৰয়োজন হোৱা বান খহনীয়া প্ৰতিৰোধী ব্যৱস্থাৰো বুজ লয়। শ্ৰী হাজৰিকাই জিলাখনৰ কইমাৰি কঠালতলিৰ পৰা নাৱেৰে গংগাধৰ নদীৰ উজনিৰ দিশলৈ পৰিভ্ৰমণ কৰি ভলাৰখাচত উপস্থিত হৈ ২০২২ চনত বানপানীৰ সৃষ্টি কৰা বান্ধটোৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। ভলাৰখাচত নিৰ্মাণ কৰা ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটো নিৰ্মাণৰ পাছত অঞ্চলটোৰ ৪০খন মান গাঁৱৰ ১, ৯০০ হেক্টৰ কৃষি ভূমি আৰু ৯০ হাজাৰ লোক বানৰ কবলৰ পৰা মুক্ত হৈছে। মন্ত্ৰীগৰাকীয়ে অসম পশ্চিমবংগ সীমান্তৰ বাগডোক্ৰা, গাৰোপাৰা আৰু ঘৃতিনেৰকুটি ইত্যাদি অসমৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। গংগাধৰ নদীয়ে সৃষ্টি কৰা বান আৰু খহনীয়া সমস্যাৰ বিষয়ে স্থানীয় ৰাইজ আৰু বিভাগীয় অভিযন্তাৰ পৰা সবিস্তাৰে বুজ লৈ মন্ত্ৰীগৰাকীয়ে অচিৰেই অত্যাধুনিক প্রযুক্তিৰে খহনীয়া প্ৰতিৰোধী ব্যৱস্থা লোৱা হ’ব বুলি স্থানীয় ৰাইজক আশ্বাস দিয়ে। নৱেম্বৰ-ডিচেম্বৰ মাহত অঞ্চলটোত জিঅ’ মেগা বেগ আৰু জিঅ’ টিউব সংস্থাপন কৰি মথাউৰি নিৰ্মাণ কৰা হ’ব বুলি শ্ৰী হাজৰিকাই অৱগত কৰে।
Site Admin | August 11, 2024 7:33 PM | Pijush Hazarika at Dhubri Disrtict