June 30, 2024 6:55 PM | Pijush Hazarika

printer

জলসম্পদ মন্ত্রী পিয়ুষ হাজৰিকাৰ  গোলাঘাটৰ ধনশিৰি নদীৰ নৱনিৰ্মিত মথাউৰি পৰিদৰ্শন

জলসম্পদ মন্ত্রী পিয়ুষ হাজৰিকাই আজি গোলাঘাটৰ তেতেলীতলৰ হাঁহচ’ৰা পথাৰৰ ধনশিৰি নদীৰ নৱনিৰ্মিত মথাউৰিটো পৰিদৰ্শন কৰে। তেওঁ হোজাই, নগাওঁ জিলাৰ কামপুৰ আৰু বৰাক উপত্যকাত মথাউৰি নিৰ্মাণৰ কাম কৰিবলগীয়া আছে বুলি উল্লেখ কৰে। ইয়াৰপূৰ্বে তেওঁ গোলাঘাটৰ সাংবাদিক বিকাশ শৰ্মাৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে অসম চৰকাৰৰ তৰফৰ পৰা ২লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়। মন্ত্রী অজন্তা নেওগ, বিধায়ক বিশ্বজিৎ ফুকন আৰু প্ৰাক্তন মন্ত্রী বিস্মৃতা গগৈয়ে তেওঁক সংগ দিয়ে। ইয়াৰ পাছত তেওঁ পদুমণি মণ্ডল বিজেপি কার্যালয়ত মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰে। আনহাতে, আঠখেলীয়া মথাউৰি পৰিদৰ্শন কৰাৰ লগতে তেওঁলোকে চিংফুৰাত কাকডোঙা মথাউৰি উদ্বোধন কৰি এখন জনসভাত অংশগ্ৰহণ কৰে ৷

অধিক পঢ়ক

সকলো চাওক