প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জর্জটাউনত গায়েনাৰ সংসদত ভাষণ দিব। তেওঁ লগতে গায়েনা আৰু কেৰিবীয় অঞ্চলৰ আগশাৰীৰ ক্ৰিকেট খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰিব আৰু দেশখনত বাস কৰা ভাৰতীয়মূলৰ এটা সমাৱেশকো সম্বোধন কৰিব। প্ৰধানমন্ত্রী মোদীক সম্প্রতি তিনি দিনীয়া ভ্রমণসূচীৰে গায়েনাত আছে। আমাৰ সংবাদদাতাই জনাইছে যে, প্রধানমন্ত্ৰী মোদীয়ে গায়েনাৰ সংসদৰ বিশেষ অধিৱেশনত ভাষণ দিব। ইয়াকে লৈ শ্ৰী মোদীয়ে বিদেশী ৰাষ্ট্ৰৰ সংসদত ভাৰতৰ জনসাধাৰণৰ হৈ চতুৰ্দশবাৰৰ বাবে ভাষণ দিব। শ্রী মোদী বিদেশ সংসদত সর্বাধিক ভাষণ দিয়া ভাৰতীয় প্ৰধানমন্ত্ৰীৰ কৃতিত্ব অর্জন কৰিছে। যোৱা নিশা শ্ৰী মোদীয়ে দ্বিতীয় ভাৰত-কেৰীকম শীর্ষ সন্মিলনত ভাগ লৈ তেওঁ লগতে গায়েনা, ডমিনিকা, ছুৰিনাম, ত্রিনিদাদ আৰু টোবাগো, বাহামাছ, বার্বাডোছ আৰু গ্রেনাডাকে ধৰি কেৰিকম ৰাষ্ট্ৰসমূহৰ নেতৃবৰ্গৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ভাৰত আৰু গায়েনাই স্বাস্থ্য, হাইড্ৰ’কাৰ্বন, কৃষি আৰু আনুসংগিক খণ্ডসমূহত সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে প্রধানমন্ত্রী মোদী আৰু গায়েনাৰ ৰাষ্ট্ৰপতি মহম্মদ ইৰফান আলীৰ মাজত অনুষ্ঠিত প্রতিনিধি পৰ্যায়ৰ আলোচনাৰ অন্তত দহখন চুক্তি স্বাক্ষৰ কৰে। দুয়োখন দেশে চিকিৎসা সামগ্রী, জন ঔষধী আঁচনি, সাংস্কৃতিক বিনিময় কাৰ্যসূচী গায়ানাইত ইউ পি আই প্ৰণালী আৰম্ভ কৰা আৰু প্ৰসাৰ ভাৰতী তথা গায়ানাৰ ৰাষ্ট্ৰীয় যোগাযোগ নেটৱৰ্কৰ মাজত প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এই বুজাবুজিৰ চুক্তি কেইখন সম্পাদন কৰা হয়।
Site Admin | November 21, 2024 7:59 PM | PM-Guyana