ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত মহিলাৰ বৃহত্তৰ অংশগ্রহণ অকল দেশৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক বিকাশৰ দিশৰ পৰাই নহয়, বৰং মহিলাৰ জীৱন-ধাৰণ উন্নয়নৰ দিশৰ পৰাও গুৰুত্বপূৰ্ণ। জয়পুৰৰ মালব্য ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ অষ্টাদশ সমাৱৰ্তন সমাৰোহক সম্বোধন কৰি শ্ৰীমতী মুৰ্মুৱে আজি এইদৰে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, মহিলাসকলক সমান সুযোগ প্ৰদান কৰিলে তেওঁলোকে শ্রেষ্ঠত্ব অর্জন কৰিব পাৰে। তেওঁ কয় যে শেহতীয়াকৈ দেশত বিদ্যালয়ত নামভৰ্তি কৰা ছোৱালীৰ সংখ্যা বৃদ্ধি পোৱাটো সঁচাকৈ আনন্দৰ বিষয়। ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে, আমি ২০৪৭ চনৰ ভিতৰত দেশক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ লক্ষ্য স্থিৰ কৰিছোঁ। ৰাষ্ট্ৰীয় বিকাশৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰাটো শিক্ষাৰ্থীসকলৰ কৰ্তব্য বুলি শ্ৰীমতী মুমুৱে প্ৰকাশ কৰে। তেওঁ কয় যে, শিক্ষাৰ্থীসকলে তেওঁলোকৰ জ্ঞানৰ শক্তি আৰু দৃঢ় সংকল্পৰে দেশৰ ভৱিষ্যৎ গঢ়াৰ বাবে আগবাঢ়ি অহা উচিত। শ্রীমতী মুৰ্মুৱে লগতে কয় যে, শিক্ষাৰ্থীসকলৰ আশা-আকাংক্ষাসমূহ ৰাষ্ট্ৰৰ অনুৰূপ হ’ব লাগে আৰু তেওঁলোকে সমাজ তথা ৰাষ্ট্ৰৰ উন্নয়নৰ পথ প্ৰশস্ত কৰিব লাগে। ৰাষ্ট্ৰীয় গুৰুত্বৰ প্রতিষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰ গঠন ভাবনাৰে কাম কৰিব বুলি আশা কৰাটো স্বাভাৱিক বুলি ৰাষ্ট্ৰপতি মুমুৱে উল্লেখ কৰে। তেওঁ লগতে শিক্ষাৰ্থীসকলক পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পৰা প্ৰচেষ্টাৰ পৰা আঁতৰি থাকিবলৈ আৰু পৰিৱেশৰ সংৰক্ষণৰ বাবে প্ৰযুক্তি বিকশাই তুলিবলৈ আহ্বান জনায়। ৰাজস্থানৰ ৰাজ্যপাল হৰিভাউ কিষণৰাও বাগড়ে আৰু মুখ্যমন্ত্রী ভজনলাল শর্মায়ো অনুষ্ঠানত ভাষণ প্ৰদান কৰে। ৰাষ্ট্ৰপতিয়ে শিক্ষাৰ্থীসকলক স্বর্ণ পদক প্ৰদান কৰে আৰু ভার্চুৱেল ব্যৱস্থাৰে প্ৰতিষ্ঠানখনৰ নতুন আৰাৱলী ছাত্রাবাস উদ্বোধন কৰে।
Site Admin | September 18, 2024 8:08 PM | Prez