প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীর্ষ সন্মিলন ২০২৪ উদ্বোধন কৰে। জয়পুৰ প্ৰদৰ্শনী আৰু অভিৱৰ্তন কেন্দ্ৰত আয়োজন কৰা এই তিনিদিনীয়া সন্মিলন সম্বোধন কৰি শ্ৰী মোদীয়ে কয়, যে বৰ্তমান দেশৰ প্ৰতিটো খণ্ডত সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰৰ মন্ত্ৰ অনুসৰণ কৰাৰ ফলত উল্লেখনীয় প্ৰগতি দেখিবলৈ পোৱা গৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞ আৰু বিনিয়োগকাৰীসকল আমাৰ দেশক লৈ বিশেষভাৱে উৎসাহী হৈ পৰা বুলিও শ্ৰী মোদীয়ে মন্তব্য কৰে।
তেওঁ কয় যে বৰ্তমানৰ শতিকা প্রযুক্তি আৰু তথ্য চালিত আৰু ভাৰতে গণতন্ত্র, জনগাঠনি আৰু তথ্যৰ প্ৰকৃত শক্তি বিশ্বৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। শ্ৰী মোদীয়ে লগতে ডিজিটেল প্রযুক্তি গণতান্ত্ৰিকৰণৰ পৰা কিদৰে সমাজৰ সকলো শ্ৰেণী লাভান্বিত হৈছে সেই বিষয়ে ব্যাখ্যা আগবঢ়ায় ।এই শীর্ষ সন্মিলনত অংশীদাৰ ৰাষ্ট্ৰ হিচাপে অংশগ্ৰহণ কৰিবলগীয়া ১৭খন দেশকে ধৰি মুঠ ৩২খন দেশে ভাগ ল’ব। এই অনুষ্ঠান সফল কৰি তোলাৰ বাবে ৰাজ্যখনত যোৱা কেইবামাহ ধৰি ব্যাপক আয়োজন কৰা হৈছে। এই সন্মিলনৰ উদ্দেশ্য হৈছে ৰাজস্থানৰ বিনিয়োগ আৰু উদ্যোগসমূৰ প্ৰসাৰ তথা নিয়োগৰ সুযোগ সৃষ্টি কৰা। ইতিমধ্যে এই শীৰ্ষ সন্মিলনৰ পূৰ্বেই ৩০ লাখ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে। ৰাজস্থান চৰকাৰে অহা ৫ বছৰত ৰাজ্যখনৰ অৰ্থনীতি ৩৫০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।