September 26, 2024 10:28 AM | J&K election

printer

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৫৪.১১ শতাংশ ভোটদান

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কালি সন্ধিয়া ৭ বজা পর্যন্ত ৫৪.১১ শতাংশ ভোটদান হয়। নির্বাচন আয়োগে ২৬টা বিধানসভা সমষ্টিত শান্তিপূর্ণভাৱে আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা অবিহনে ভোটগ্রহণ অনুষ্ঠিত হোৱা বুলি জানিবলৈ দিছে। জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ভোটদাতা ৰাইজক অভিনন্দন জ্ঞাপন কৰিছে। নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে অহা ১ অক্টোবৰত ভোটগ্ৰহণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক