ডাউনলোড
মোবাইল এপ

android apple
signal

জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সুশাসন আৰু জম্মু-কাশ্মীৰলৈ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়াৰ বাবে বিভিন্ন দিশ সামৰি দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে এই ইস্তাহাৰত দলে জনসাধাৰণৰ আশা, আকাংক্ষাসমূহ পূৰণ কৰাৰ উদ্দেশ্যে কেইবালানিও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি অন্তৰ্ভুক্ত কৰিছে। ইস্তাহাৰত দলে লগতে ঐতিহাসিক দৰবাৰ ব্যৱস্থা অর্থাৎ শ্ৰীনগৰ আৰু জন্মৰ মাজত চৰকাৰ স্থানান্তৰিত কৰাৰ দ্বিবাৰ্ষিক প্ৰথা বাহাল ৰখাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইস্তাহাৰত এইবুলি প্ৰকাশ কৰা হৈছে যে, দৰবাৰৰ উদ্দেশ্য হৈছে দুয়োটা অঞ্চলৰ বাবে স্থিতিশীল চৰকাৰ আৰু সমবিকাশৰ সুবিধা সুনিশ্চিত কৰা। ৰাজনৈতিক আৰু প্ৰশাসনিক পৰিৱৰ্তনৰ লগতে দলে নিয়োগ আৰু ভূমি আৱণ্টনৰ ক্ষেত্ৰত জম্মু-কাশ্মীৰৰ লোকসকলক অগ্ৰাধিকাৰ প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি দিছে।

অধিক পঢ়ক

সকলো চাওক