October 8, 2024 7:29 PM | Election update

printer

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে। ফলাফলৰ শেহতীয়া ধাৰা অনুসৰি নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছ মিত্রজোঁটে ৯০ জনীয়া জম্মু-কাশ্মীৰ বিধানসভাত সংখ্যা গৰিষ্ঠতা লাভৰ কৰি চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে। বিজেপিয়ে ৯০ জনীয়া হাৰিয়ানাত বিধানসভাত একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। হাৰিয়ানাত বৰ্তমানলৈকে ৬৩ খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে। ইয়াৰ ভিতৰত বিজেপিয়ে ৩১ খন জয়লাভ কৰাৰ বিপৰীতে ১৮ খনত আগবাঢ়ি আছে। আনহাতে কংগ্ৰেছে ৩০ খন আসনত জয়ী হৈছে আৰু ৬ খনত অগ্ৰগতি লাভ কৰিছে । ইণ্ডিয়ান নেচনেল লোকদলে দুখনত অগ্ৰগতি লাভ কৰিছে। নিৰ্দলীয় প্ৰাৰ্থী দুখনত জয়ী হৈছে আৰু এখন আসনত আগবাঢ়ি আছে। বিজেপি নেতা তথা প্রাক্তন মুখ্যমন্ত্রী নায়াব সিং ছেইনী লাড়ৱা আসনত জয়লাভ কৰিছে। জুলানা সমষ্টিত কংগ্ৰেছ প্রার্থী ৱিনেছ ফোগাটে জয়লাভ কৰিছে। কংগ্ৰেছৰ আফতাব আহমেদে নুহ আসনখন দখল কৰিছে। কংগ্ৰেছ নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডায়েও গঢ়হি ছাম্পলা কিল’লি সমষ্টিত জয়ী হৈছে। বিজেপিৰ মনোজ কুমাৰ পলৱাল, নিখিল মদন শোণিপত আসনত জয়লাভ কৰিছে। ৯০ জনীয়া হাৰিয়ানা বিধানসভাৰ বাবে ৫ অক্টোবৰত ভোটগ্রহণ অনুষ্ঠিত হৈছে। ইপিনে, জম্মু-কাশ্মীৰত বৰ্তমানলৈকে ৮৯ কন আসনৰ ফলাফল ঘোষণা কৰা হৈছে। নেচনেল কনফাৰেন্সে ৪১ খন আসনত জয়লাভ কৰাৰ বিপৰীতে এখন আসনত আগবাঢ়ি আছে। বিজেপি ২৯ খনত, কংগ্ৰেছ ৬ খনত, জম্মু-কাশ্মীৰ ডেম’ক্রেটিক পার্টি তিনিখন, জম্মু-কাশ্মীৰ পিপলছ কনফাৰেন্স এখনত, চি পি আই এম এখনত, আম আদমী পাৰ্টী এখনত আৰু নিৰ্দলীয় প্ৰাৰ্থী ৭ খন আসনত জয়ী হৈছে। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেন্সেৰ নেতা ওমৰ আব্দুল্লাহ বদগাম আৰু গান্দেবল দুয়োখন আসনতে জয়লাভ কৰিছে। একেদৰে কংগ্ৰেছৰ পীৰজাদা মহম্মদ ছৈয়দ অনন্তনাগ আসনত জয়লাভ কৰিছে। নেচনেল কনফাৰেন্সৰ আব্দুল মাজিদ ভাট অনন্তনাগ পশ্চিম আসনত আৰু জন্মু কাশ্মীৰ পিপুলছ কনফাৰেন্সৰ ছজ্জাদ গনি ল’নে হাণ্ডৱাৰা আসনত জয়ী হৈছে। বিজেপিৰ দৰ্শন কুমাৰে বাচ’লি আসনত জয়লাভ কৰাৰ বিপৰীতে দলৰ আন এগৰাকী প্ৰাৰ্থী ৰণবীৰ সিং পাঠানীয়া উধমপুৰ পূব সমষ্টিত জয়ী হৈছে। বিজেপিৰ ছণ্ডন পৰিহাৰ কিস্তৱাৰ আসনত আৰু ড০ ভাৰত ভূষণ কথুৱাত জয়ী হৈছে। ইয়াৰ বিপৰীতে নেচনেল কনফাৰেন্সৰ নাজিৰ আহমেদে গুজে আসনৰ পৰা এহাজাৰৰো অধিক ভোটত জয়ী হৈছে। দলৰ আন এগৰাকী ছলমান সাগৰে হজৰতবল সমষ্টি দখল কৰিছে। ৯০ জনীয়া জম্মু-কাশ্মীৰ বিধানসভাৰ বাবে ১৮ আৰু ২৫ চেপ্তেম্বৰ আৰু পহিলা অক্টোবৰত ৩ টা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হৈছিল।

অধিক পঢ়ক

সকলো চাওক