ডাউনলোড
মোবাইল এপ

android apple
signal

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা

মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি নতুন দিল্লীৰ এখন সংবাদ মেলত জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে। সেই অনুসৰি জম্মু-কাশ্মীৰৰ বিধানসভাৰ নিৰ্বাচন ১৮ ছেপ্টেম্বৰত, ২৫ ছেপ্টেম্বৰ আৰু পহিলা অক্টোবৰত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব। আনহাতে, হাৰিয়ানাৰ বিধানসভা নিৰ্বাচন পহিলা অক্টোবৰত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ৪ অক্টোবৰত দুয়োখন ৰাজ্যৰে ভোট গণনা কৰা হ’ব। নির্বাচনী সূচী ঘোষণা কৰাৰ লগে লগে নির্বাচনী আচৰণ বিধিও প্রযোজ্য হৈছে। মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে সংবাদমেলত কয় যে আয়োগ সুচল আৰু সৰ্বাত্মক নিৰ্বাচনৰ প্ৰতি বদ্ধপৰিকৰ। তেওঁ কয় যে ৯০ জনীয়া জম্মু-কাশ্মীৰ বিধানসভাৰ আসন্ন নির্বাচনত কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ ৮৭ লাখৰো অধিক ভোটাৰে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। কেন্দ্ৰীয়শাসিত অঞ্চলটোত ভোটগ্ৰহণৰ বাবে ১১ হাজাৰ ৮০০ ভোটগ্রহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হ’ব। সংবাদমেলত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে আয়োগ যিকোনো প্ৰত্যাহ্বানৰ বাবে সাজু আছে আৰু জম্মু-কাশ্মীৰত মুক্ত, নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচন সুনিশ্চিত কৰাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰা হ’ব। আনহাতে হাৰিয়ানাত প্ৰায় দুই কোটি ভোটাৰে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। ৰাজ্যখনত ২০ হাজাৰৰো অধিক ভোটগ্রহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক