July 21, 2024 12:22 PM | Amarnath Yatra

printer

জম্মু-কাশ্মীৰৰ মূল শিৱিৰৰ পৰা পৱিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে ৩,১১৩ গৰাকী তীর্থযাত্ৰীৰ ৰাওনা

পৱিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে ৩,১১৩ গৰাকী তীর্থযাত্ৰীৰ আৰু এটা দল জম্মু-কাশ্মীৰৰ ভগৱতী নগৰ যাত্ৰী নিৱাসৰ মূল শিৱিৰৰ পৰা ৰাওনা হৈছে। তীর্থ যাত্ৰীৰ দলটো আজি নিচেই পুৱা সৰু-বৰ ১২৩ খন বাহনেৰে অমৰনাথ গুহা অভিমুখে যাত্ৰা কৰে। দলটোত ২,৩১৫ গৰাকী পুৰুষ, ৬৯২ গৰাকী মহিলা, চাৰিটি শিশু আৰু ১০২ গৰাকী সাধু-সন্ন্যাসী আছে। তীর্থযাত্ৰীসকলৰ ভিতৰত ১,১৫২ গৰাকীয়ে পুৱতি নিশা ২-৫৬ মিনিটত বালতল মূল শিৱিৰলৈ বুলি আৰু ১,৯৬০ গৰাকী তীর্থযাত্ৰীয়ে পুৱতি নিশা ৩ বাজি ৪১ মিনিটত পহেলগাম মূল শিৱিৰলৈ বুলি ৰাওনা হয়। তাৰপৰা তেওঁলোক পৱিত্ৰ অমৰনাথ গুহালৈ যাত্ৰা কৰিব।

অধিক পঢ়ক

সকলো চাওক