জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সন্ধিয়া সামৰণি পৰে। এই পৰ্যায়ত ৫ খন জিলাৰ ২৬ টা বিধানসভা সমষ্টিত পৰহিলৈ ভোটগ্রহণ অনুষ্ঠিত হ’ব। ভোটগ্রহণ অনুষ্ঠিত হ’বলগীয়া জিলাকেইখন হৈছে – জম্মু খণ্ডত ৰিয়াচি, ৰাজৌৰী আৰু পুঞ্চ। আনহাতে, কাশ্মীৰ উপত্যকাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া জিলাকেইখন হৈছে শ্ৰীনগৰ আৰু বাদগাম। এই পৰ্যায়ত ২৫ লাখতকৈও অধিক ভোটদাতাই ২৩৯ জন প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। নিৰ্বাচনৰ প্ৰক্ৰিয়া মসৃন আৰু আসোৱাহমুক্ত কৰিবলৈ ভাৰতীয় নির্বাচন আয়োগে ২৬ টা বিধানসভা সমষ্টিত ৩ হাজাৰ ৫০২ টা ভোটকেন্দ্ৰ স্থাপন কৰাৰ লগতে আটাইকেইটা ভোটকেন্দ্রতে ৱেৱকাষ্টিঙৰ ব্যৱস্থা কৰিছে । উল্লেখযোগ্য যে, জম্মু আৰু কাশ্মীৰত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অহা ১ অক্টোবৰত অনুষ্ঠিত হ’ব আৰু অহা ৮ অক্টোবৰত ভোটগণনা কৰা হ’ব।
Site Admin | September 23, 2024 8:45 PM | J&K election
জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি
