ডাউনলোড
মোবাইল এপ

android apple
signal

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰতিগৰাকী ভাৰতীয়ই নিজৰ আপোনজনক হেৰুওৱাৰ দৰে পীড়া অনুভৱ কৰিছেঃ গৃহমন্ত্ৰী

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰতিগৰাকী ভাৰতীয়ই নিজৰ আপোনজনক হেৰুওৱাৰ দৰে পীড়া অনুভৱ কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জম্মুৰ বেইচ্‌ণ বনাঞ্চলত আজি সুৰক্ষা পৰিস্থিতিৰ বুজ লৈ এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে অঞ্চলটোত কালি সংঘটিত সন্ত্রাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গক এইবুলি আশ্বাস দিয়ে যে নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা সন্ত্ৰাসবাদীসকলক কোনো কাৰণতে ৰেহাই দিয়া ন’হব। ভাৰতে সন্ত্ৰাসবাদীৰ ওচৰত শিৰনত নকৰে বুলি তেওঁ উল্লেখ কৰে।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই কাপুৰুষালিভৰা আক্ৰমণৰ সৈতে জড়িতসকলক ৰেহাই দিয়া নহ’ব। ইয়াৰ পূৰ্বে শ্ৰীশ্বাহে শ্ৰীনগৰৰ আৰক্ষী নিয়ন্ত্রণ কক্ষত নিহতসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। তেওঁ লগতে আক্ৰমণত আহত হৈ অনন্তনাগৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈ থকাসকলৰ স্বাস্থ্যৰ বুজ লয়। কালি পেহেলগামত সংঘটিত এই সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬গৰাকী পৰ্যটকে প্ৰাণ হেৰুৱাইছে। নিহতসকলৰ ভিতৰত বায়ুসেনা বাহিনীৰ কৰ্পোৰেল অৰুণাচল প্ৰদেশৰ টাগে হাইলিয়াঙো আছে। নিহত সকলৰ মৃতদেহ বিশেষ বিমানেৰে শ্ৰীনগৰৰ পৰা তেওঁলোকৰ নিজ নিজ গাঁৱলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰক্ষীয়ে তিনিজন আক্ৰমণকাৰীৰ স্কেছ প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এয়ে এই আক্ৰমণৰ তদন্তত দায়িত্ব গ্রহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক