জম্মু-কাশ্মীৰৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। নির্বাচন শান্তিপূর্ণভাৱে তথা সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই পৰ্যায়ৰ নিৰ্বাচনত অঞ্চলটো ৭ খন জিলাৰ ৪০টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। এই ৪০ খন বিধানসভা আসনৰ ভিতৰত ১৬ খন কাশ্মীৰৰ আৰু ২৪ খন জম্মুৰ। কালি এই পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ত ৩৯ লাখ ১০ হাজাৰতকৈও অধিক ভোটদাতাই ৪১৫ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। ভোটগ্রহণ পুৱা ৭ বজাত আৰম্ভ হৈ সন্ধিয়া ৬ বজাত অন্ত পৰিব উল্লেখযোগ্য যে, জম্মু-কাশ্মীৰত তিনিটা পৰ্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হৈছে। ইয়াৰে প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ ৬১ শতাংশ হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৫৬ শতাংশ। অহা ৮ অক্টোবৰত হাৰিয়ানাৰ সৈতে জম্মু-কাশ্মীৰৰো ভোটগণনা কৰা হ’ব।
Site Admin | September 30, 2024 12:05 PM | J & K Election