ডাউনলোড
মোবাইল এপ

android apple
signal

April 24, 2025 8:28 PM | CM-Pahalgam

printer

জম্মু-কাশ্মীৰৰ ঘটনাত নিহত লোকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্যৰ সিদ্ধান্ত অসম চৰকাৰৰ

অসম চৰকাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত লোকসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদ মেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই ঘটনাত ৰাজ্যবাসী অতিশয় মৰ্মাহত আৰু এই ঘটনাৰ বলি হোৱা পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ বাবে এই সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্রীয়ে আজি এই সংবাদ মেলত অলপতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৰা সাক্ষাৎকালত বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন সন্দৰ্ভত কৰা আলোচনাৰ বিষয়ে উল্লেখ কৰে। ড০ শর্মাই কয় যে প্রধানমন্ত্রীয়ে এই উদযাপনৰ উদ্বোধনী অনুষ্ঠানত অংশ লোৱাৰ প্ৰতিশ্রুতি দিছে। এই অনুষ্ঠান পৰিচালনাৰ বাবে শীঘ্ৰেই উদযাপন সমিতি গঠন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। শিল্পীগৰাকীৰ সন্মানার্থে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বিত্ত মন্ত্ৰালয়ক এটা স্মাৰক মুদ্ৰা প্ৰৱৰ্তন কৰাৰ বাবে ইতিমধ্যে বিত্ত মন্ত্ৰী নিৰ্মলা অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। সাক্ষাৎ কালত প্রধানমন্ত্ৰীয়ে ৰাজ্যখনত দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনৰ বাবে সন্মতি প্ৰকাশ কৰে বুলি মুখ্যমন্ত্রীয়ে কয়। ইয়াৰ ভিতৰত ৭ হাজাৰ ৫০০ কোটি টকা ব্যয়সাপেক্ষ গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ আধাৰশিলা প্রধানমন্ত্ৰীয়ে স্থাপন কৰিব। ৰিং ৰোডৰ অংশ হিচাপে নাৰেংগী আৰু কুৰুৱাৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নির্মাণো কৰা হ’ব। এই প্ৰকল্পৰ ৫০ শতাংশ ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব। প্রধানমন্ত্ৰীয়ে ৮ ছেপ্তেম্বৰত নুমলীগড় শোধনাগাৰ লিমিটেডে নিৰ্মাণ কৰি থকা জৈৱ শোধনাগাৰটোও উদ্বোধন কৰিব। এই শোধনাগাৰটো ৪ হাজাৰ ২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই শোধনাগাৰটো ২০১৯ চনত প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিছিল। এই জৈৱ শোধনাগাৰত বাঁহ ব্যৱহাৰ কৰি ইথানল উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে। ভাৰতৰ প্ৰথম জৈৱ শোধনাগাৰ হিচাপে পৰিগণিত হ’বলগীয়া এই প্ৰকল্পটোৱে অসমৰ অর্থনৈতিক দিশত অনন্য সুযোগৰ অন্বেষণ কৰিব। ১০ হাজাৰ ৬০০ কোটি টকা ব্যয়সাপেক্ষ নামৰূপৰ সাৰ কাৰখানাৰ বাবে অসম চৰকাৰে ৪০ শতাংশ ইকুইটি আগবঢ়াব বুলিও মুখ্যমন্ত্রীয়ে সংবাদ মেলত জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক