জম্মু-কাশ্মীৰৰ শিখ সহযোগিতা সমিতিৰ অধ্যক্ষ এছ অজিত সিঙৰ নেতৃত্বত এটা প্রতিনিধি দলে উপৰাজ্যপাল মনোজ সিনহাক আজি জম্মুৰ ৰাজভৱনত সাক্ষাৎ কৰে। দলটোৱে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ শিখ সম্প্ৰদায়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰি এলানি দাবী উত্থাপন কৰে। এই দাবীসমূহৰ ভিতৰত শ্ৰীনগৰত মহাৰাজা ৰণজিত সিঙৰ মুৰ্তি প্ৰতিষ্ঠা, পাঞ্জাবী ভাষাৰ সংবর্ধন, পাহাৰী স্থানীয় গোটত যোগ্য শিখ জনসাধাৰণৰ অন্তৰ্ভুক্তি অন্যতম। তদুপৰি অধ্যক্ষগৰাকীয়ে উধমপুৰৰ ৰামনগৰৰ চেৰ মঞ্জলা ঐতিহাসিক গাঁৱত গুৰুদ্বাৰা চাহিবৰ পুনৰ নিৰ্মাণৰ বাবে ভূমি আৱণ্টনৰ প্ৰয়োজন সন্দৰ্ভতো আলোকপাত কৰে। অতি সংবেদনশীলতাৰে সম্প্ৰদায়টোৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ সমাধা কৰাৰ প্ৰতি প্ৰদৰ্শন কৰা আন্তৰিক প্ৰচেষ্টাৰ বাবে অধ্যক্ষগৰাকীয়ে উপৰাজ্যপাল সিনহাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে । উপৰাজ্যপালগৰাকীয়ে প্ৰতিনিধি দলটোক নিশ্চিতি প্রদান কৰি কয় যে, এই সমস্যা সমাধানৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
Site Admin | November 10, 2024 8:12 PM | Jammu & Kashmir
জম্মু-কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাক শিখ সহযোগিতা সমিতিৰ প্রতিনিধি দলৰ সাক্ষাৎ
