July 14, 2024 6:55 PM | Jammu & Kashmir

printer

জম্মু-কাশ্মীৰৰ উপৰাজ্যপালক অধিক ক্ষমতা প্ৰদান

কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ উপৰাজ্যপালক অধিক ক্ষমতা প্ৰদান কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জম্মু-কাশ্মীৰ পুনৰগঠন আইন ২০১৯ সংশোধন কৰি উপৰাজ্যপালৰ কৰ্তৃত্ব যথেষ্ট শক্তিশালী কৰি তুলিছে। কেন্দ্ৰীয় চৰকাৰে এই আইনৰ অধীনত ব্যৱসায়িক লেনদেন নিয়ম সংশোধন কৰি এক অধিসূচনা জাৰি কৰিছে। এই নিয়মসমূহ চৰকাৰী ৰাজপত্ৰত প্ৰকাশ পোৱা তাৰিখ অনুসৰি বলবৎ কৰা হব। পূৰ্বতে আৰক্ষী, জনশৃংখলা, সৰ্বভাৰতীয় সেৱা আৰু দুৰ্নীতি বিৰোধী বিভাগ সম্পৰ্কীয় প্ৰস্তাৱসমূহ উপ ৰাজ্যপালৰ ওচৰলৈ যোৱাৰ পূৰ্বে জন্ম কাশ্মীৰৰ বিত্ত বিভাগৰ অনুমোদনৰ প্ৰয়োজন হৈছিল। এই নিয়মৰ অধীনত কেন্দ্ৰীয় ভূখণ্ডৰ মুখ্য সচিবৰ জৰিয়তে পোনপটীয়াকৈ উপ ৰাজ্যপালৰ ওচৰত উপস্থাপন কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক