জম্মু-কাশ্মীৰৰ আসন্ন নির্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ গুৰুত্বপূৰ্ণ বৈঠক

জম্মু-কাশ্মীৰত হ’বলগীয়া আসন্ন নির্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ স্থানীয় নেতাসকলে কেন্দ্রীয়শাসিত অঞ্চলটোত ৮খন জনসমাৱেশত অংশগ্ৰহণ কৰিব। জন্ম-কাশ্মীৰৰ নিৰ্বাচনৰ দায়িত্বত থকা দলটোৰ নেতা ৰাম মাধৱ আৰু জি কিষাণ ৰেড্ডী আজি অঞ্চলটোত উপস্থিত হ’ব। উল্লেখযোগ্য যে জম্মু আৰু কাশ্মীৰত অহা ১৮, ২৫ ছেপ্তেম্বৰ তথা পহিলা অক্টোবৰত তিনিটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ’ব। ৪ অক্টোবৰত ভোটগণনা কৰা হ’ব। জন্ম-কাশ্মীৰ বিধানসভাৰ ৪০ৰ পৰা ৫০ খন আসনৰ তালিকা আজি প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ নাম চূড়ান্ত কৰাৰ বাবে কালি নতুন দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নির্বাচনী সমিতিৰ বৈঠিক অনুষ্ঠিত হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় মন্ত্রী অমিত শ্বাহকে ধৰি কেইবাগৰাকী জ্যেষ্ঠ নেতা এই বৈঠকত উপস্থিত আছিল।

অধিক পঢ়ক

সকলো চাওক