ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেটৰী চেচমাৰ সমীপত সংঘটিত দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে সামাজিক মাধ্যমযোগে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়লৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। প্রধানমন্ত্রী মোদীয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা প্রকাশ কৰিছে আৰু আহতসকলৰ আশুআৰোগ্য কামনা কৰিছে। আনহাতে, জন্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই এটা বার্তাযোগে এই দুর্ঘটনাকলৈ আশ্চৰ্য্য প্রকাশ কৰিছে। উপ-ৰাজ্যপালগৰাকীয়ে জিলা প্ৰশাসন আৰু মাগুলিক আয়ুক্তক দুৰ্ঘটনাৰ বলি হোৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ সম্ভৱপৰ সকলো ধৰণৰ সাহায্য আগবঢ়াবলৈ নিৰ্দেশ দিছে।
Site Admin | March 29, 2024 9:58 PM | murmu
জম্মু-কাশ্মীৰত যাত্ৰীবাহী বাহনৰ দুৰ্ঘটনাক লৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ, সাহায্য ঘোষণা
