জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিল আৰু প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰ চলি আছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি আজি ৰামবন আৰু বানিহালত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নির্বাচনী সভাত ভাষণ দিব। ইতিমধ্যে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে জম্মু কাশ্মীৰ ভ্ৰমণ কৰিছে। কালি জন্মৰ পলৌৰা অঞ্চলত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ভাষণ দিয়ে। শ্রীশ্বাহে উন্নয়ন আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ বিষয়ত আলোকপাত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। অহা সপ্তাহত কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই জম্মু-কাশ্মীৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ১৮ চেপ্তেম্বৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হোৱাৰ বিপৰীতে ২৫ চেপ্তেম্বৰত দ্বিতীয় আৰু ১ অক্টোবৰত তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। অহা ৮ অক্টোবত ভোটগণনা কৰা হ’ব।
Site Admin | September 8, 2024 7:13 PM | Jammu & Kashmir
জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ
