September 28, 2024 11:02 AM | Assembly Election

printer

জম্মু-কাশ্মীৰত তৃতীয় পৰ্যায় আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰ

জম্মু-কাশ্মীৰত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ আৰু হাৰিয়ানাত হ’বলগীয়া এটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। অহা মঙলবাৰে জম্মু-কাশ্মীৰৰ ৪০টা বিধানসভা সমষ্টিৰ বাবে তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। ভোটদাতাক আকৰ্ষণ কৰাৰ বাবে বিভিন্ন দলৰ নেতাসকলে ইখনৰ পাছত সিখনকৈ জনসভা আৰু ৰোড শ্বত ভাগ লোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মুত আজি এখন ৰাজহুৱা সভাক সম্বোধন কৰিব। আনহাতে কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীয়ে কেন্দ্ৰীয় শাসিত অঞ্চলটোত এখন জনসভাত ভাষণ দিব। ইপিনে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই কালি জন্মৰ কাথুৱাত এখন জনসমাৱেশত ভাগ লয়। তেওঁ অঞ্চলটোত শান্তিপূর্ণভাৱে অনুষ্ঠিত হৈ যোৱা দুটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে, অঞ্চলটোৰ জনসাধাৰণে বুলেটৰ সলনি বেলটক নির্বাচন কৰি শান্তি আৰু প্ৰগতিৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতা প্রকাশ কৰিছে। এখন সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কাশ্মীৰৰ যুৱক-যুৱতীসকলে ৰাষ্ট্ৰৰ মূল সুঁতিৰ সৈতে জড়িত হৈছে আৰু উগ্ৰবাদ তথা হিংসাক প্রত্যাখ্যান কৰিছে বুলি উল্লেখ কৰে। হাৰিয়ানাত অহা ৫ অক্টোবৰত ৯০টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। এই পৰিপ্ৰেক্ষিতত ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কালি অম্বালা, কুৰুক্ষেত্ৰ আৰু ৰেৱাৰীত জনসমাৱেশক সম্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে হাৰিয়ানাত বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপত আলোকপাত কৰে। শ্ৰীশ্বাহে ৰাজ্যখনত কংগ্ৰেছৰ সময়ত হোৱা অৰাজকতাক সমালোচনা কৰি কয় যে, কংগ্ৰেছৰ কেৱল কমিচন আৰু দুৰ্নীতিৰ শাসন আছে। তেওঁ ন্যূনতম সমৰ্থন মূল্যৰ নামত কৃষকসকলক ভুল পথে বিচলিত কৰাৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰে । কংগ্ৰেছৰ নেতা কুমাৰী ছেলজাই কালানৱালি আৰু দাবৱালিত কালি নির্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁ কৃষক, শ্রমিক, ব্যৱসায়ী আৰু নিৱনুৱা যুৱক-যুৱতীসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰাৰ বাবে বিজেপি চৰকাৰক সমালোচনা কৰে। তেওঁ ৰাজনৈতিক লাভালাভৰ বাবে বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ লেখীয়া সংস্থাসমূহৰ অপ ব্যৱহাৰৰ বাবে বিজেপিক দোষাৰোপ কৰে। আম আদমী পাৰ্টী আৰু আঞ্চলিক দলসমূহেও ৰাজ্যখনত তেওঁলোকৰ দলীয় প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলোৱা দেখা গৈছে।

অধিক পঢ়ক

সকলো চাওক