ডাউনলোড
মোবাইল এপ

android apple
signal

জম্মু-কাশ্মীৰত তীর্থ যাত্রী কঢ়িয়াই নিয়া এখন বাছ দ’ খাৱৈত পৰাৰ ফলত ২০ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৫ গৰাকী আহত

জম্মু-কাশ্মীৰৰ জম্মু জিলাৰ আখৰ উপখণ্ডৰ টুংগি ম’ৰ অঞ্চলত আজি বিয়লি তীর্থ যাত্রী কঢ়িয়াই নিয়া এখন বাছ দ খাৱৈত পৰাৰ ফলত অতি কমেও ২০ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৫ গৰাকী যাত্ৰী আহত হৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি আহত লোকসকলক আখনুৰৰ উপ-চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে আৰু গুৰুতৰভাৱে আহতসকলক জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। আহত আৰু মৃত্যু হোৱা লোকসকলক এতিয়াও চিনাক্ত কৰা হোৱা নাই। উত্তৰ প্ৰদেশৰ পৰা সৰ্বাধিক তীর্থযাত্রী কঢ়িয়াই নিয়া বাছখন জন্মৰ পৰা ৰিছি জিলাৰ শিৱ খৰি গুহালৈ বুলি গৈ আছিল। জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই এই দুৰ্ঘটনাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ প্ৰশাসনক নিহত লোকসকলৰ পৰিয়ালবৰ্গ আৰু আহত সকলৰ চিকিৎসাৰ বাবে সম্ভৱপৰ সকলো সাহায্য প্রদান কৰিবলৈ নিৰ্দেশ দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে কেইবাগৰাকীও লোকে প্ৰাণ হেৰুওৱা ঘটনাত দুখ পোৱাৰ লগতে আহতসকলৰ আশু-আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে প্ৰতিগৰাকী মৃত লোকৰ পৰিয়াললৈ দুই লাখ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকা প্ৰদান কৰিব বুলি ঘোষণা কৰিছে।

অধিক পঢ়ক

সকলো চাওক