জম্মু-কাশ্মীৰত গুলিয়াগুলীৰ ঘটনাত  শ্বহীদ বীৰ সৈনিক বিক্কি পহাড়েলৈ ভাৰতীয় বায়ু সেনা বাহিনীৰ শ্রদ্ধার্ঘ

সুৰক্ষা বাহিনীয়ে জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী পুঞ্চ জিলাত কালি বিয়লি ভাৰতীয় বায়ু সেনা বাহিনীৰ কনভয়ৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনা সংক্রান্তত ৪ জন লোকক আটক কৰিছে। এই আক্ৰমণত বায়ু সেনা বাহিনীৰ এজন জোৱান শ্বহীদ হৈছিল আৰু ৫ জন আহত হৈছিল। গ্ৰেপ্তাৰ কৰা লোককেইজনে আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীক সহায় কৰা বুলি সন্দেহ কৰা হৈছে। আক্ৰমণৰ সংঘটিত হোৱাৰ সময়ত বায়ু সেনা বাহিনীৰ কনভয়টো শশীধৰ বনাঞ্চলৰ পৰা ছনাই টোপ অভিমুখে গৈ আছিল। ৰাষ্ট্ৰীয় ৰাইফলছে আক্ৰমণৰ সৈতে জড়িত সন্ত্রাসবাদী সকলক কৰায়ত্ত কৰাৰ বাবে অঞ্চলটোত অভিযান চলাই আছে। ইপিনে, ভাৰতীয় বায়ু সেনা বাহিনীয়ে আজি সন্ত্ৰাসবাদীৰ সৈতে সংঘটিত গুলিয়াগুলীৰ ঘটনাত কালি প্ৰাণ হেৰুওৱা বীৰ সৈনিক বিক্কি পহাড়েলৈ শ্রদ্ধার্ঘ নিবেদন কৰে। বায়ু সেনাই সামাজিক মাধ্যমযোগে কৈছে যে, বায়ু সেনাৰ মুৰববী এয়াৰ মাৰ্ছেল বি আৰ ছৌধৰীসহ বাহিনীটোৰ সকলো কৰ্মীয়ে ৰাষ্ট্ৰৰ নামত সর্বোচ্চ ত্যাগ কৰা পহাড়েৰ প্ৰতি প্ৰণিপাত জনাইছে।

অধিক পঢ়ক

সকলো চাওক