জম্মু-কাশ্মীৰত আজি তৃতীয় পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত

■ জম্মু-কাশ্মীৰত আজি তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। ৭ খন জিলাৰ ৪০টা বিধানসভা সমষ্টিত শান্তিপূর্ণ ভোটগ্ৰহণৰ বাবে ব্যাপক নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্রহণ প্রক্রিয়া সন্ধিয়া ৬ বজাত সমাপ্ত হ’ব। ভোটাৰৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰত ন্যূনতম মৌলিক সুবিধা সুনিশ্চিত কৰা হৈছে আৰু ভোটকেন্দ্ৰসমূহত ২০ হাজাৰতকৈ অধিক প’লিং বিষয়া নিয়োগ কৰা হৈছে। কাশ্মীৰৰ সংমণ্ডলৰ বাৰামূল্লা, কুপৱাৰা, বাণ্ডিপুৰা আৰু জম্মু সংমণ্ডলৰ জম্মু, উধমপুৰ, কাঠুৱা আৰু ছাম্বা জিলাত ৬০টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। অন্তিম পৰ্যায়ত ৩৯ লাখৰো অধিক ভোটাৰে সৰ্বমুঠ ৪১৫ প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মুজাফ্‌ফ্ফৰ হোছেইন বেইগ, বছাৰত বুখাৰী, ছাজাদ গানী ল’ন, নাছিৰ আছলাম ৱানী, দেবীন্দৰ সিং ৰাণা, চৌধুৰী লাল সিং আৰু ৰমন ভাল্লা আদি জ্যেষ্ঠ নেতাই আজি প্রতিদ্বন্দ্বিতা আগবঢ়াইছে।
উল্লেখযোগ্য যে ১৮ ছেপ্তেম্বৰত অনুষ্ঠিত প্রথম পৰ্যায়ৰ নিৰ্বাচনত ৬১ দশমিক ৩-৮ শতাংশ ভোটদান হোৱাৰ বিপৰীতে ২৫ ছেপ্তেম্বৰত অনুষ্ঠিত দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনত ৫৭ শতাংশ ভোটদান সম্পন্ন হৈছিল। হাৰিয়ানাৰ সৈতে অহা ৮ অক্টোবৰত জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰো ভোট গণনা সম্পন্ন হ’ব।

অধিক পঢ়ক

সকলো চাওক