ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্রাধীকৰণে জম্মু-কাশ্মীৰত অহা সাত দিনত বনজুই লগাৰ প্ৰৱল সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত সতর্কতা জাৰি কৰিছে। আকাশবাণী জন্মৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ বিভিন্ন অংশত, বিশেষকৈ জম্মু খণ্ডত বহু দিন ধৰি থকা শুকান বতৰৰ বাবে বনজুই লগাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণে এনে ঘটনা সংঘটিত হ’লে তৎকালে কৰ্তৃপক্ষক অৱগত কৰিবলৈ নিৰ্দেশ দিছে। আজিৰে পৰা অহা ৩০ জানুৱাৰীলৈ এই সতর্কতা জাৰিৰ নিৰ্দেশ বাহাল থাকিব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জম্মু-কাশ্মীৰ খণ্ডত যোৱা ১ জানুৱাৰীৰ পৰা কালিলৈকে ৮১ শতাংশ বৰষুণ হ্ৰাস পাইছে। এই সময়ছোৱাত পূৰ্বে হোৱা ৬০ দশমিক ৫ মিলিমিটাৰ বৰষুণৰ পৰিৱৰ্তে কেৱল ১১ দশমিক ৪ মিলিমিটাৰ বৰষুণ হৈছে বুলি সূত্ৰটোত প্ৰকাশ পাইছে।
Site Admin | January 23, 2025 8:22 PM | J&K Fire : NDRF
জম্মু-কাশ্মীৰত অহা সাত দিনত বনজুই লগাৰ প্ৰৱল সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত সতর্কতা জাৰি
