জম্মু-কাশ্মীৰত অন্তিম পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰথম দুঘণ্টাত ১১.৬০ শতাংশ ভোটদান সম্পন্ন

জম্মু-কাশ্মীৰত আজি তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰথম দুঘণ্টাত ১১.৬০ শতাংশ ভোটদান সম্পন্ন হৈছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি জনসাধাৰণে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে পুৱাৰে পৰা দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজত ৭ খন জিলাৰ ৪০টা বিধানসভা সমষ্টিৰ বাবে ৫ হাজাৰ ৬০ টা কেন্দ্ৰত ভোটদান অব্যাহত আছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্রহণ প্রক্রিয়া সন্ধিয়া ৬ বজাত সমাপ্ত হ’ব। ভোটদাতাৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰত ন্যূনতম মৌলিক সুবিধা সুনিশ্চিত কৰা হৈছে আৰু ভোটকেন্দ্ৰসমূহত ২০ হাজাৰতকৈ অধিক প’লিং বিষয়া নিয়োগ কৰা হৈছে। কাশ্মীৰৰ সংমণ্ডলৰ বাৰামূল্লা, কুপৱাৰা, বাণ্ডিপুৰা আৰু জম্মু সংমণ্ডলৰ জম্মু, উধমপুৰ, কাঠুৱা আৰু ছাম্বা জিলাত ৬০টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। অন্তিম পৰ্যায়ত ৩৯ লাখৰো অধিক ভোটাৰে সৰ্বমুঠ ৪১৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। উল্লেখযোগ্য যে ১৮ ছেপ্তেম্বৰত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬১.৩৮ শতাংশ ভোটদান হোৱাৰ বিপৰীতে ২৫ ছেপ্তেম্বৰত অনুষ্ঠিত দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনত ৫৭ শতাংশ ভোটদান সম্পন্ন হৈছিল। হাৰিয়ানাৰ সৈতে অহা ৮ অক্টোবৰত জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰো ভোট গণনা সম্পন্ন হ’ব।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু আৰু কাশ্মীৰৰ তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ সকলো ভোটাৰকে ভোটদান প্ৰক্ৰিয়াত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছিল। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰি কয় যে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ প্ৰজন্ম আৰু মহিলাসকলে ব্যাপক পৰিমাণত ভোটদান কৰিব।

অধিক পঢ়ক

সকলো চাওক