প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে জন ঔষধী দিৱসে এখন স্বাস্থ্যকৰ ভাৰতৰ লক্ষ্য নিশ্চিত কৰাৰ উদ্দেশ্যে জনসাধাৰণক উৎকৃষ্ট মানৰ আৰু সুলভ ঔষধ প্ৰদানৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে। জন ঔষধী দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে দেশৰ প্ৰতিটো প্ৰান্তত কেনেদৰে গুণগত মানৰ ঔষধ লাভ কৰিব পৰা গৈছে, কেনেদৰে সুলভ মূল্যৰ ঔষধে পৰিয়ালসমূহৰ ধন ৰাহি কৰাত সহায় কৰিছে আৰু কেনেদৰে ভাৰতৰ জন ঔষধি আৰ্হিয়ে বর্তমান সমগ্র বিশ্বক অনুপ্ৰাণিত কৰিছে, সেই বিষয়ে প্ৰকাশ কৰে। শ্রী মোদীয়ে লগতে কয়, দেশত বৰ্তমান হৃদ ৰোগৰ চিকিৎসা পূৰ্বৰ তুলনাত সুলভ হৈ পৰিছে আৰু আঁঠুৰ সংৰোপণৰ ক্ষেত্ৰতো চিকিৎসা ব্যয় হ্ৰাস পাইছে। প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়লেছিচ কাৰ্যসূচীয়ে বৃক্ক ৰোগীসকলক যথেষ্ট সকাহ প্ৰদান কৰিছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে লগতে কয়, যে জন ঔষধী সুবিধা ছেনিটেৰি নেপকিন এতিয়া এটকাত লাভ কৰিব পাৰি আৰু ইয়াৰ ফলত মাহেকীয়াৰ সময়ত পৰিচ্ছন্নতা বজাই ৰখাত সহায় হৈছে।
কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই জন ঔষধি দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত কয়, যে ‘অচ্ছি ভি সস্তী ভি’ মন্ত্ৰৰে প্ৰধানমন্ত্ৰী জন ঔষধী যোজনাই সকলো লোকে স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰাৰ ক্ষেত্ৰত যুগান্তকাৰী ভূমিকা পালন কৰিছে। তেওঁ কয়, যে সমগ্ৰ দেশতে ১৫ হাজাৰৰো অধিক জন ঔষধী কেন্দ্ৰই দৈনিক ১ নিযুত লোকক সেৱা আগবঢ়াই আহিছে। এই যোজনাৰ বিভিন্ন দিশত আলোকপাত কৰি শ্ৰী নাড্ডাই কয়, যে ইয়াৰ জৰিয়তে কেৱল সুলভ মূল্যৰ ঔষধ প্ৰদান কৰাই নহয়, বৰঞ্চ প্ৰতিগৰাকী নাগৰিকে প্রয়োজনীয় চিকিৎসা লাভ কৰাটো নিশ্চিত কৰা হৈছে। তেওঁ সকলোকে এখন সুন্দৰ আৰু সুস্থ ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতিবদ্ধতাক উদযাপন কৰিবলৈ আহ্বান জনায়।