জন্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

জন্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সন্ধিয়া সামৰণি পৰিব। এই পৰ্যায়ত ৫ খন জিলাৰ ২৬ টা বিধানসভা সমষ্টিত পৰহিলৈ ভোটগ্রহণ অনুষ্ঠিত হ’ব। ভোটগ্রহণ অনুষ্ঠিত হ’বলগীয়া জিলাকেইখন হৈছে – জম্মু খণ্ডত ৰিয়াচি, ৰাজৌৰী আৰু পুঞ্চ। আনহাতে, কাশ্মীৰ উপত্যকাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া জিলাকেইখন হৈছে শ্ৰীনগৰ আৰু বাদগাম। উল্লেখযোগ্য যে তিনিটা পৰ্যায়ত জম্মু-কাশ্মীৰ নিৰ্বাচন অনুষ্ঠিত হৈছে।
ইফালে, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰ গতিত চলি থকা পৰিলক্ষিত হৈছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে নির্বাচনী প্ৰচাৰ সভাৰ লগতে ৰোড শ্ব’ অনুষ্ঠিত কৰিছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অহা ১ অক্টোবৰত অনুষ্ঠিত হ’ব। অহা ৮ অক্টোবৰত ভোটগণনা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক