ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে জন্মাষ্টমীৰ প্ৰাকক্ষণত সকলো নাগৰিক তথা প্রবাসী ভাৰতীয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাৰ জৰিয়তে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, এই উৎসৱে আমাক ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক আদৰ্শৰ প্ৰতি নিজকে সমৰ্পিত কৰাৰ বাবে উৎসাহিত কৰে। শ্ৰীমতী মুৰ্মুৱে শ্ৰীমদভাগৱৎ গীতাত থকা শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ কথোপকথনক সমগ্ৰ মানৱ জাতিৰ বাবে উত্তৰণ আৰু প্ৰেৰণাৰ শাশ্বত উৎস আখ্যা দিয়ে। শ্রীমতী মুর্মুৱে ভগৱান শ্ৰীকৃষ্ণৰ আদর্শেৰে পৰিচালিত হ’বলৈ সকলোকে আহ্বান জনোৱাৰ লগতে দেশৰ সমৃদ্ধি তথা প্ৰগতিৰ বাবে কাম কৰাৰ বাবে প্ৰতিশ্রুতিবদ্ধ হ’বলৈ কয়। ইপিনে, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি জন্মাষ্টমীৰ প্ৰাকক্ষণত দেশৰ সকলো নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্রী ধনখড়ে কয় যে, জন্মাষ্টমী হৈছে এটা গভীৰ আধ্যাত্মিক তাৎপর্যৰ দিন। কাৰণ এই দিনটোতেই ঐশ্বৰিক প্ৰেম, প্ৰজ্ঞা আৰু ধাৰ্মিকতাক প্রতিনিধিত্ব কৰা ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, এই উৎসৱে ধৰ্মৰ চিৰন্তন মূল্যবোধ, অশুভ শক্তিক নাশ কৰি সত্য তথা কৰুণাৰ জীৱন-যাপন কৰাৰ গুৰুত্ব সম্পর্কে আমাক সোঁৱৰাই দিয়ে। শ্ৰী ধনখড়ে নাগৰিকসকলক সৎপন্থা অৱলম্বন কৰি সকলোৰে কল্যাণৰ দিশত কাম কৰাৰ প্ৰতিশ্ৰুতি ল’বলৈও আহ্বান জনায়।
Site Admin | August 25, 2024 7:54 PM | Janmashtami