ডাউনলোড
মোবাইল এপ

android apple
signal

জনসাধাৰণৰ বাবে বিমান যাত্ৰা অধিক সুলভ আৰু সহজসাধ্য কৰি তোলাটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰঃ কিঞ্জাৰাপু ৰামমোহন নাইডু

Image

অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৱে কৈছে যে, জনসাধাৰণৰ বাবে বিমান যাত্ৰা অধিক সুলভ আৰু সহজসাধ্য কৰি তোলাটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। নতুন দিল্লীত চলিত বৰ্ষৰ দ্বিতীয় এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ মন্ত্ৰী পৰ্যায়ৰ সন্মিলনৰ সৈতে জড়িত এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীনাইডুৱে দেশৰ অসামৰিক বিমান পৰিবহণ খণ্ডত শক্তিশালী আন্তঃগাঁথনি বিকশাই তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা উদ্যম পদক্ষেপসমূহত আলোকপাত কৰে।

Image

তেওঁ কয় যে, বিমান পৰিবহণ খণ্ডৰ ভৱিষ্যতৰ দৃষ্টিভংগীৰ সৈতে বহনক্ষম উন্নয়নৰ লক্ষ্য জড়িত হৈ আছে। পৰিবেশ অনুকুল প্রযুক্তি গ্ৰহণ আৰু সেউজ প্ৰযুক্তিত বিনিয়োগে বিমান পৰিবহণ খণ্ডক নতুন মাত্ৰা প্ৰদান কৰিব বুলি শ্রীনাইডুৱে উল্লেখ কৰে।

Image

নতুন দিল্লীত অহা ১১ আৰু ১২ ছেপ্তেম্বৰত দ্বিতীয় এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ মন্ত্ৰী পৰ্যায়ৰ সন্মিলনৰ আয়োজন কৰা হৈছে। সন্মিলনত আগশাৰীৰ বিভিন্ন বিমান পৰিবহণ সংস্থা, বিমান পৰিবহণ খণ্ডৰ লগত জড়িত নেতা আৰু ভালেসংখ্যক গণ্য-মান্য ব্যক্তিয়ে অংশগ্রহণ কৰিব আৰু অসামৰিক বিমান পৰিবহণ খণ্ডৰ ভৱিষ্যত সম্পর্কে আলোচনা কৰিব।

অধিক পঢ়ক

সকলো চাওক