June 30, 2024 5:38 PM | Maan ki Baat

printer

জনসাধাৰণৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰাৰ বাবে নিয়মীয়াকৈ যোগাভ্যাস কৰাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

যোগ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাতত কয় যে, সমগ্র বিশ্বই দশম আন্তৰাষ্ট্ৰীয় যোগ দিৱস অতি উৎসাহেৰে পালন কৰিছে। তেওঁ কয় যে, যোগ দিৱসৰ আয়োজন আগবঢ়াৰ লগে লগে প্ৰতিবছৰে নতন নতুন অভিলেখৰো সৃষ্টি হৈছে। এনে ধৰণৰ একাংশ সাফল্যত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, চৌদি আৰৱত এইবেলি অল হনৌফ নামৰ এগৰাকী মহিলাই প্ৰথমবাৰৰ বাবে যোগাভ্যাসত নেতৃত্ব দিয়ে। ইজিপ্তত যোগাভ্যাসৰ দিনা এখন ফটো প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। নীল নৈৰ পাৰ, লোহিত সাগৰৰ তীৰত আৰু পিৰামিদৰ সন্মুখত লাখ লাখ লোকে যোগাভ্যাস কৰাৰ আলোকচিত্ৰ অতিকে জনপ্ৰিয় হোৱা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। বাহৰেইনত দিব্যাংগ শিশুৰ বাবে বিশেষ শিবিৰৰো আয়োজন কৰা বুলিও শ্রীমোদীয়ে প্ৰকাশ কৰে। ভূটানৰ থিস্ফুত আয়োজিত যোগ দিৱসৰ কাৰ্যসূচীত ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশ গ্ৰহণ কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে যোগ দিৱসত অংশ গ্ৰহণ কৰা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ জনসাধাৰণৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰাৰ বাবে নিয়মীয়াকৈ যোগাভ্যাস কৰাৰ বাবে আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক