আয়ুষ মন্ত্ৰী প্ৰতাপৰাও যাধৱে আজি কৈছে যে, জনসাধাৰণৰ কল্যাণৰ বাবে মন্ত্ৰ্যালয় দায়বদ্ধ। নতুন দিল্লীত আজি মন্ত্ৰালয়ৰ বিগত ১০০ দিনৰ সাফল্যৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, গোলকীয় স্বাস্থ্য ব্যৱস্থাক আয়ুষক অন্তৰ্ভুক্ত কৰাৰ বাবে বিশেষ চুক্তি সম্পন্ন কৰিছে। মন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিশ্বতে পৰম্পৰাগত আধুনিক চিকিৎসাৰ উপযোগী ঔষধীয় উদ্ভিদ তথা গছপুলিৰ বাবে ভিয়েটনামৰ সৈতে সম্পন্ন কৰা বুজাবুজিৰ চুক্তিৰ সন্দৰ্ভত সকলোকে অৱগত কৰাৰ লগতে আয়ুৰ্বেদৰ গৱেষণা, জ্ঞানৰ আদান-প্ৰদান আৰু আয়ুৰ্বেদ চিকিৎসা ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত মালয়েছিয়াৰ সৈতে চুক্তি সম্পন্নৰ কথাও অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতীয় ঔষধ আৰু হোমিঅ’পেথিৰ বাবে ফার্মাকোপিয়া আয়োগ আৰু এবিধ বনযৌধ, এটা মানক জনপ্ৰিয় কৰাৰ বাবে ভাৰতীয় ফার্মাকোপিয়া আয়োগৰ সৈতে চুক্তি সম্পাদন কৰাৰ কথা অৱগত কৰে। আয়ুৰ্বেদিক ঔষধক সহজলভ্য কৰাৰ বাবে চৰকাৰে প্ৰত্যেকখন চহৰতে বিশেষ ঔষধৰ দোকান খোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে, দেশৰ জ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ১৪ হাজাৰ ৬৯২টা আয়ুৰ্বেদিক শিবিৰ অনুষ্ঠিত কৰা হৈছে। শ্রী যাধৱে কয় যে, আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুর্বেদিক চিকিৎসাক প্ৰসাৰিত কৰাৰ বাবে বিশেষ আয়ুর্বেদিক পেকেজ প্রদান কৰাৰ বাবে পৰ্যালোচনা বৈঠকত মিলিত হোৱাৰ কথা অৱগত কৰে।
Site Admin | September 27, 2024 7:53 PM | Pratap Rao