মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত ড° বাণীকান্ত কাকতি মেধা বঁটা, ২০২৪-ৰ অধীনত স্কুটী বিতৰণ কাৰ্যসূচীৰ নিৰ্দেশনাৱলী পর্যালোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬০ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰী আৰু ৭৫ শতাংশ লাভ কৰা ছাত্ৰসকলক ৰাজ্য চৰকাৰে স্কুটী প্ৰদান কৰিব। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্চশিক্ষাত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বৃদ্ধিৰ বাবে পদক্ষেপ ল’বলৈও সংশ্লিষ্ট বিষয়াবৰ্গক নির্দেশনা প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ সংগ্ৰহালয় স্থাপন সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আন এখন বৈঠকত মিলিত হয়। বৈঠকত প্রধানমন্ত্ৰীৰ সংগ্ৰহালয়ৰ আৰ্হিত ৰাজ্যত মুখ্যমন্ত্ৰী সংগ্ৰহালয় স্থাপনৰ বিভিন্ন দিশ সম্পর্কে বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে সংগ্ৰহালয়ৰ বিশেষজ্ঞ, শিক্ষাবিদ, ইতিহাসবিদ, স্থাপত্যবিদক অন্তর্ভুক্ত কৰি এখন বিশেষজ্ঞ সমিতি গঠন কৰাৰ বাবে পৰামৰ্শ দিয়ে। এই সমিতিখনক প্ৰধানমন্ত্রী সংগ্ৰহালয়টো পৰিদৰ্শন কৰি ইয়াৰ সৃষ্টিৰ আঁৰত থকা ব্যক্তিসকলক সাক্ষাৎ কৰি অধ্যয়ন আৰু গৱেষণাৰ অন্তত পৰৱৰ্তী পৰিকল্পনা যুগুত কৰিবলৈ তেওঁক পৰামৰ্শ আগবঢ়ায়।
Site Admin | July 10, 2024 6:29 PM | CM Scooty