জনজাতীয় লোকসকল হৈছে প্ৰাকৃতিক জীৱনশৈলীৰ দ্বাৰা সঞ্চিত একোটা জ্ঞানৰ ভঁৰালঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রোপদী মুৰ্মুৱে কৈছে যে জনজাতীয় লোকসকল হৈছে প্ৰাকৃতিক জীৱনশৈলীৰ দ্বাৰা সঞ্চিত একোটা জ্ঞানৰ ভঁৰাল। ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান, আই আই টি ভিলাইৰ সমাবর্তন অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে জনজাতীয় লোকসকলৰ জীৱনশৈলীৰ পৰা শিক্ষা লৈ যিকোনো লোকে দেশৰ বহনক্ষম উন্নয়নত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব পাৰে। তেওঁ কয় যে দেশৰ সম্পূৰ্ণ বিকাশ তেতিয়াহে সম্ভৱ হ’ব যেতিয়া জনজাতীয় লোকসকলে উন্নয়নমূলক প্ৰক্ৰিয়াত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব। চত্তিশগড়ৰ ভূমি জনজাতীয় পৰম্পৰা আৰু সংস্কৃতিৰে চহকী বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে জনজাতীয় সমাজৰ লোকসকলে প্রকৃতিক ভালদৰে বুজি পায় আৰু যুগ যুগ ধুৰি এই পৰিবেশৰ সৈতে সমিল-মিলেৰে জীৱন নিৰ্বাহ কৰি আহিছে৷
আজিৰ অনুষ্ঠানত শ্ৰীমতী মুৰ্মুৱে ৭ গৰাকী শিক্ষাৰ্থীক সোণৰ পদক প্ৰদান কৰে। অনুষ্ঠানত ছত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা আৰু মুখ্যমন্ত্ৰী বিষ্ণু ডেও সাই উপস্থিত থাকে। ৰাষ্ট্ৰপতিয়ে আজি বিয়লি নৱ ৰায়পুৰত স্বাস্থ্য বিজ্ঞান আৰু আয়ুষ বিশ্ববিদ্যালয়ৰ সমাবর্তনত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সকলো চিকিৎসকে নিজৰ পেচাদাৰী জীৱনৰ কেইটামান বছৰ গ্ৰামাঞ্চলৰ বাবে উৎসৰ্গা কৰিব লাগে। নৱ-ৰায়পুৰত অৱস্থিত স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় আৰু আয়ুষৰ সমাৱৰ্তনত ৰাষ্ট্ৰপতিগৰাকীয়ে ছট্টীশগড়ৰ দৰে বিভিন্ন ৰাজ্যত বনৌষধি অক্ষয় মজুত আছে বুলি প্ৰকাশ কৰে। তেওঁ লগতে এই বনৌষধিসমূহক নথিভুক্ত কৰাৰ লগতে ইয়াৰ ওপৰত ভিত্তি কৰি গৱেষণা প্ৰসাৰিত কৰা উচিত বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক