যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই জনজাতীয় গৌৰৱ দিৱস উপলক্ষে অহা বুধবাৰে চত্তিশগড়ৰ জছপুৰত মাই ভাৰত য়ুথ ভলেনটিয়াৰ্ছে আয়োজন কৰা পদযাত্ৰাত অংশগ্ৰহণ কৰিব। চত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাইৰ লগতে ৰাজ্যখনৰ আন আন মন্ত্রীসকলেও কার্যসূচীত অংশগ্রহণ কৰিব। ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে দেশৰ প্ৰগতিত জনজাতীয় সম্প্ৰদায়ৰ তাৎপৰ্যপূৰ্ণ বৰঙণি তথা বীৰচা মুণ্ডাৰ ঐতিহ্যক সন্মানিত কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে জনজাতীয় ঐতিহ্য উদযাপিত হোৱাৰ লগতে সৰ্বাত্মক অন্তৰ্ভুক্তিৰ সংবর্ধন আৰু দেশজুৰি জনজাতীয় সম্প্রদায়সমূহক উপকৃত কৰাৰ হকে থকা চৰকাৰী আঁচনিসমূহৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে।
Site Admin | November 10, 2024 8:06 PM | Chhattisgarh
জনজাতীয় গৌৰৱ দিৱস উপলক্ষে অহা বুধবাৰে চত্তিশগড়ৰ জছপুৰত মাই ভাৰত য়ুথ ভলেনটিয়াৰ্ছৰ আয়োজন
