জটিল আৰু উদীয়মান প্ৰযুক্তি-ICETৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ পদক্ষেপৰ বিষয়ে অনুষ্ঠিত বৈঠকত অজিত ডোভালৰ অধ্যক্ষতা

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে নতুন দিল্লীত কালি জটিল আৰু উদীয়মান প্ৰযুক্তি-ICETৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ পদক্ষেপৰ বিষয়ে অনুষ্ঠিত এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত তেওঁৰ সৈতে আমেৰিকাৰ নিৰাপত্তা উপদেষ্টা জেক ছুলিভানেও অংশগ্ৰহণ কৰি কৌশলগত প্রযুক্তি অংশীদাৰিত্বৰ পৰৱৰ্তী পদক্ষেপ নিৰ্ধাৰণ কৰে।
হোৱাইট হাউছে কৈছে যে দুয়োপক্ষই সহ উৎপাদন, সহ বিকাশ আৰু অনুসন্ধান তথা উন্নয়নৰ সুযোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। আমেৰিকান, ভাৰতীয় তথা সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ অংশীদাৰসকলক সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য প্রযুক্তি সমাধান প্ৰদান কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। উল্লেখযোগ্য যে দুয়োখন ৰাষ্ট্ৰই মাৰ্চত চিউলত অনুষ্ঠিত আমেৰিকা-ভাৰত-কোৰিয়া ত্রিপাক্ষিক প্ৰযুক্তি বাৰ্তাৰ উদ্বোধনী বৈঠক আৰু কোৱাডৰ দ্বাৰা অষ্ট্ৰেলিয়া তথা জাপানৰ সৈতে সহযোগিতাক স্বাগতম জনায়। শ্ৰী ছুলিভান আৰু শ্ৰী ডোভালে এই বৈঠকৰ উপৰি আন এখন ঘূৰণীয়া মেজমেলতো অংশগ্ৰহণ কৰে, য’ত দুয়োখন দেশৰ বিশিষ্ট উদ্যোগপতিসকলে অংশগ্রহণ কৰে।

অধিক পঢ়ক

সকলো চাওক