কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ভাৰত বিৰোধী সংগঠন আৰু নেটৱৰ্ক ধৰা পেলাবলৈ বন্ধু ৰাষ্ট্ৰৰ সৈতে চোৰাংচোৱা সমন্বয় কৌশল প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত ৩৭ সংখ্যক চোৰাংচোৱা ব্যুৰ’ৰ শতবার্ষিকী অনুষ্ঠানত বক্তৃতা প্ৰদান কৰি শ্ৰীশ্বাহে কয়, যে জটিল আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ, চাইবাৰ আক্ৰমণৰ দৰে প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’বলৈ উৎকৃষ্ট চিন্তাধাৰাৰ প্ৰয়োজন। চোৰাংচোৱা ব্যুৰ’ৰ প্ৰশংসা কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে কর্মপদ্ধতি, সতর্কতা, সজাগতা, ত্যাগ আৰু নিষ্ঠাৰ পৰম্পৰাৰ বাবে আজি দেশ সুৰক্ষিত। তেওঁ লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নিৰাপত্তা সংস্থাসমূহে বিগত পাঁচ বছৰত নির্ণায়ক ভূমিকা পালন কৰি আধিপত্য স্থাপন কৰিছে। যিকোনো নিৰাপত্তা সংস্থাৰ সফলতা ইয়াৰ কৰ্মশক্তি আৰু কৰ্মীসকলক প্ৰশিক্ষণ দিয়া ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰা হয় বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে ভুল তথ্য প্ৰতিহত কৰিবলৈ এটা শক্তিশালী পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভতো আলোকপাত কৰে। অনাগত দিনত চোৰাংচোৱা আৰু আইন প্রয়োগকাৰী সংস্থাসমূহে এ আই আৰু শিক্ষণৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে। শ্ৰীশ্বাহে কয়, যে ২০৪৭ চনৰ ভিতৰত সম্পূৰ্ণ উন্নত ভাৰত লাভ কৰিবলৈ নিৰাপত্তা সংস্থাসমূহে সকলো সম্ভাৱ্য ভাবুকিৰ কল্পনা কৰি জাতিটোক ইয়াৰ পৰা ৰক্ষা কৰিবলৈ উপযুক্ত পৰিকল্পনা প্ৰস্তুত কৰিব। তেওঁ লগতে ক্রিপ্টো মুদ্ৰাৰ বাবে ব্লক চেইন বিশ্লেষণ সঁজুলি ব্যৱহাৰৰ সময় আহি পৰিছে বুলি প্ৰকাশ কৰে। ভুৱা ফোনকল আৰু ই-মেইলৰ বিৰুদ্ধে তৎকালীন আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ আলোকপাত কৰি তেওঁ কয়, দেশৰ শত্ৰুসকলে এই উপায়সমূহৰ জৰিয়তে জনসাধাৰণৰ মাজত ভয় আৰু সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰিছে।
Site Admin | December 24, 2024 10:01 AM | Amit Shah | HM India