ছেপ্তেম্বৰত ৰাজ্যৰ ৫টা সমষ্টিৰ উপ নির্বাচনৰ সম্ভাৱনা

চলিত বছৰৰ ছেপ্তেম্বৰ মাহত ৰাজ্যৰ ৫টা সমষ্টিৰ উপ নির্বাচন হোৱাৰ সম্ভাৱনা আছে। কালি অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কৈছে যে, বৰ্তমানৰ অসম বিধানসভা ২০২১ চন অৰ্থাৎ‍সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ আগেয়ে গঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত পূৰ্বে বাহাল থকা বিধানসভা সমষ্টিসমূহতে উপ নির্বাচন অনুষ্ঠিত হ’ব। তেওঁ লগতে কৈছে যে, এই উপ নির্বাচনত ২০২৩ চনৰ পৰা নতুনকৈ নিৰ্ধাৰণ হোৱা বিধানসভাৰ সমষ্টিসমূহৰ সীমা প্ৰযোজ্য নহ’ব। সেয়ে এই ৫টা সমষ্টিৰ বাবে ২০২১ চনত উপলব্ধ ভোটাৰ তালিকাসমূহ উপ নিৰ্বাচনৰ সময়লৈকে নৱীকৰণ কৰি ব্যৱহাৰ কৰা হ’ব। উল্লেখযোগ্য যে, চলিত বছৰত অনুষ্ঠিত লোকসভা নিৰ্বাচনত ৰাজ্যৰ ধলাই, চিদলী, বঙাইগাওঁ, বিহালী আৰু চামগুৰি সমষ্টিৰ বিধায়কসকল সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত সেই সমষ্টিকেইটাৰ আসনকেইখন খালী হৈ ৰয়। সংবাদমেলত মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে লগতে জনোৱা মতে, খচৰা ভোটাৰ তালিকাসমূহ ৩০ জুলাইত প্ৰকাশ কৰা হ’ব। এই সম্পৰ্কত কিবা দাবী, আপত্তি থাকিলে সেয়া দাখিল কৰাৰ সময় ৩০ জুলাইৰ পৰা ১০ আগষ্টলৈ ধাৰ্য্য কৰা হৈছে। আনহাতে, চূড়ান্ত ভোটাৰ তালিকা ২০ আগষ্টত প্ৰকাশ কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক