ডাউনলোড
মোবাইল এপ

android apple
signal

December 20, 2024 7:57 PM | President

printer

ছেকেন্দ্ৰাবাদৰ প্ৰতিৰক্ষা ব্যৱস্থা মহাবিদ্যালয়ক সন্মানজনক ৰাষ্ট্ৰপতিৰ পতাকা আনুষ্ঠানিকভাৱে প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি এটা অনুষ্ঠানত ছেকেন্দ্ৰাবাদৰ প্ৰতিৰক্ষা ব্যৱস্থা মহাবিদ্যালয়ক সন্মানজনক ৰাষ্ট্ৰপতিৰ পতাকা আনুষ্ঠানিকভাৱে প্ৰদান কৰে। উল্লেখযোগ্য যে, কোনো প্ৰতিষ্ঠানৰ বৃত্তিগত উৎকৰ্ষতাৰ স্বীকৃতি স্বৰূপে এই সন্মানীয় ৰাষ্ট্ৰপতিৰ পতাকা প্ৰদান কৰা হয়। এই উপলক্ষে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে কয়, যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কেৱল আত্মনিৰ্ভৰশীলতা আৰু কৌশলগত অংশীদাৰিত্বই দেশৰ সীমান্ত সুৰক্ষিত কৰিব নোৱাৰে। এই সুৰক্ষাৰ বাবে কৌশলগত গোলকীয় অংশীদাৰিত্বও শক্তিশালী হ’ব লাগিব। প্ৰতিৰক্ষা খণ্ডত বিনিয়োগক উৎসাহিত কৰিবলৈ মেক ইন ইণ্ডিয়া, প্ৰতিৰক্ষা উদ্যোগৰ উন্নয়ন কৰিড’ৰৰ দৰে বিভিন্ন পদক্ষেপৰ জৰিয়তে প্ৰতিৰক্ষা খণ্ডক শক্তিশালী কৰি তুলিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলিও শ্রীমতী মুর্মুৱে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, যে থলুৱা উদ্ভাৱনক উৎসাহিত কৰাৰ বাবে বিভিন্ন থলুৱা প্ৰতিৰক্ষা সামগ্রী উৎপাদন কৰা হৈছে আৰু এই সামগ্ৰীসমূহ আমদানি কৰা নহ’ব। তেওঁ কয়, যে ভাৰতে প্ৰযুক্তিগত উন্নত সঁজুলি নিৰ্মাণ কৰি এটা নতুন পৰ্যায়ত আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যত উপনীত হোৱাৰ এয়া উচিত সময়। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ লক্ষ্য পূৰ্ণ কৰি তুলিবলৈ তেওঁ সশস্ত্ৰ সেৱা সমূহক অৰিহণা আগবঢ়াবলৈও আহ্বান জনায়। ছেকেন্দ্রাবাদত অনুষ্ঠিত এই অনুষ্ঠান উপলক্ষে ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে এটা বিশেষ ডাক ক’ভাৰ মুকলি কৰিছে। এই অনুষ্ঠানতে তেলেংগানাৰ ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মাও প্রাচীন ভাৰতৰ জ্ঞানৰ মুকুতা শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে।

অধিক পঢ়ক

সকলো চাওক