ডাউনলোড
মোবাইল এপ

android apple
signal

April 14, 2025 3:06 PM | Sudan Conflict

printer

ছুডানৰ গৰফুৰ অঞ্চলত অৰ্ধসামৰিক বাহিনীৰ আক্ৰমণত ২০০ৰো অধিক লোকৰ মৃত্যু

ছুডানৰ গৰফুৰ অঞ্চলত এতিয়াও ছুডান সেনাৰ অধীনত থকা শেষৰখন বৃহৎ মহানগৰ এ ফাশ্বাৰৰ আশে-পাশে থকা শিবিৰত অৰ্ধসামৰিক বাহিনীয়ে কৰা আক্ৰমণত ২০০ৰো অধিক লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে এই আক্ৰমণত মৃত্যু হোৱা লোকৰ ভিতৰত ৫৬ গৰাকী সাধাৰণ নাগৰিক। ৰাষ্ট্ৰসংঘই জনোৱা মতে দুটা বৃহৎ শৰণাৰ্থী কেন্দ্ৰত এতিয়াও আক্রমণ সংঘটিত হৈ আছে। উল্লেখযোগ্য যে এইসকল লোকে শিবিৰৰ ভিতৰত থকা একমাত্র চিকিৎসালয়খন পৰিচালনা কৰিছিল। আমেৰিকাই দুয়োপক্ষক গৰিহণা দি আৰ এছ এফে দাৰফুলত নৰসংহাৰ কৰাৰ লগতে সেনাই সাধাৰণ নাগৰিকক আক্ৰমণ কৰাৰ কৰা প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই সংঘর্ষই ছুডানক দুটা ভাগত বিভাজিত কৰে। উত্তৰ আৰু পূব প্ৰান্তৰ সেনাৰ আধিপত্য বিস্তাৰিত হৈ থকাৰ বিপৰীতে আৰ এছ এফৰ অধীনত দাৰফুলৰ অধিকাংশ অঞ্চলৰ লগতে দক্ষিণৰ কিছু অংশত আধিপত্য বিস্তাৰ হৈ আছে।

অধিক পঢ়ক

সকলো চাওক