ভাৰতৰ সুমিত নাগলে কালি ছুইডিছ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ এখন খেলত ছুইজাৰলেণ্ডৰ এলিয়াছ য়মেৰক ৬-৪, ৬-৩ পোনপটীয়া ছেটত পৰাস্ত কৰে। অৱশ্যে সুমিত নাগল আৰু পোলেণ্ডৰ কৰোল ড্ৰেজেৱিক্কীৰ যুটীটো পুৰুষৰ ডাবলছত ফ্ৰান্সৰ আলেকজেণ্ডাৰ মুলৰ আৰু লুকা ৱান এশ্বৰ হাতত ৬-৩, ৬-৪ ছেটত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। ইপিনে, এ টি পিৰ ক্রম তালিকাত সুমিত নাগল খেলুৱৈ জীৱনৰ সৰ্বশ্ৰেষ্ঠ ৬৮ সংখ্যক স্থানলৈ উন্নীত হৈছে।
Site Admin | July 17, 2024 11:02 AM | Sumit Nagal
ছুইডিছ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত ভাৰতৰ সুমিত নাগলৰ জয়লাভ
