ছিকিমৰ মংগন জিলাত আবদ্ধ ১২শৰো অধিক পৰ্যটকক উদ্ধাৰৰ বাবে অভিযান

ছিকিমৰ মংগন জিলাত আবদ্ধ হৈ থকা ১২শৰো অধিক পৰ্যটকক উদ্ধাৰ কৰাৰ বাবে অভিযান আজি আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু যদিহে বতৰ পুনৰ বেয়া হয় তেন্তে উদ্ধাৰ অভিযান বিলম্ব হ’ব পাৰে। চুংথাঙৰ মহকুমা দণ্ডাধীশ কিৰন থাটালে কৈছে যে, বতৰ ফৰকাল হলে বিমান অথবা পথেৰে উদ্ধাৰ অভিযান চলোৱা হ’ব। তেওঁ কয় যে, আবদ্ধ হৈ থকা লোকসকলক ৰখাৰ বাবে জিলা প্ৰশাসনে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু লাচুং চহৰৰ বিভিন্ন হোটেলত তেওঁলোকক ৰখাৰ লগতে অতি সামান্য দৰত আহাৰৰ যোগান ধৰা হৈছে। শ্ৰীথাটালে চুংথাঙৰ BDO, পিপন লাচুং আৰু হোটেলৰ স্বত্বাধিকাৰীসকলৰ সৈতেও উদ্ধাৰ প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা কৰে। ইতিমধ্যে পথ আৰু দলং বিভাগৰ মন্ত্ৰী এন বি দাহাল লাচুঙত উপস্থিত হৈ পৰ্যটকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ ওজৰ-আপত্তিসমূহ শুনাৰ লগতে অতিশীঘ্ৰেই তেওঁলোকক নিৰাপদে উদ্ধাৰ কৰাৰ আশ্বাস প্ৰদান কৰে। উল্লেখযোগ্য যে ভূমিস্খলনৰ ফলত লাচুং চহৰত ১৫ গৰাকী বিদেশী লোককে ধৰি মুঠ ১২শৰো অধিক পৰ্যটক আবদ্ধ হৈ আছে।

অধিক পঢ়ক

সকলো চাওক