ছিকিমৰ বান বিধবস্ত অঞ্চলসমূহত বিশেষকৈ বানত সর্বাধিক ক্ষতিগ্রস্ত মংগন জিলাত উদ্ধাৰ আৰু সাহায্য অভিযান পূর্ণ গতিত অব্যাহত আছে। ৰাজ্যখনৰ বন আৰু পৰিৱেশ মন্ত্ৰী পিঞ্চ’ নামগয়াল লেপচাই জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মংগন জিলাৰ নামনি ঝুছিং আৰু ৰালক অঞ্চল পৰিদৰ্শন কৰে। জিলাখনৰ প্রায় ১০ হাজাৰ লোকক সাময়িকভাৱে স্থানান্তৰিত কৰা হৈছে। ইফালে, ৰাজ্যিক পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ছেৰিম ঠেণ্ডুপ ভূটিয়াৰ নেতৃত্বত আজি জিলাখনৰ লাচুং আৰু চুংথাঙৰ পৰা ১৫ গৰাকী বিদেশী পর্যটককে ধৰি প্ৰায় দুহেজাৰ পৰ্যটকৰ উদ্ধাৰ অভিযান অব্যাহত আছে। প্ৰতিকূল বতৰ আৰু ভূমিস্খলনত পথ বন্ধ হৈ পৰাৰ ফলত এই ক্ষেত্ৰত কিছু অসুবিধাই দেখা দিয়ে। মংগনৰ জিলা আয়ুক্ত হেমকুমাৰ ছেত্ৰীয়ে আকাশবাণীক জনোৱা মতে প্রতিকূল বতৰ তথা কেইবাটাও অঞ্চলত পথ যোগাযোগ বন্ধ হৈ পৰা পৰিপ্ৰেক্ষিতত পৰ্যটকসকলক সম্প্রতি বিমানেৰে লৈ অহাতো অসম্ভৱ হৈ পৰিছে। আবদ্ধ হৈ থকা পৰ্যটকসকলক নিৰাপদ হোটেলত ৰাখাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে, বতৰ ভাল হ’লে পর্যটকসকলক নিৰাপদে ঘূৰাই অনাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা কৰা হ’ব । উল্লেখযোগ্য যে, ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত ৰাজ্যখনত এতিয়ালৈকে ৯জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় দুহেজাৰ পৰ্যটক মংগন জিলাত আবদ্ধ হৈ আছে। সাহায্য প্ৰদানৰ অংশ হিচাপে মৃত লোককেইজনৰ নিকতাত্মীয়লৈ ৪ লাখ টকাৰ একালীন সাহায্য প্ৰদান কৰা হ’ব। আনহাতে জিলাখনত বানত খতিগ্ৰস্ত লোকসকলৰ বাবে পৰ্যাপ্ত পৰিমাণে ৰেচন মজুত কৰি ৰখা হৈছে। যোৱা শনিবাৰে ৰংপোত পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে ছিকিম চৰকাৰৰ পথ আৰু দলং বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মিলিত হৈ ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লয়।
Site Admin | June 16, 2024 7:41 PM | Sikkim flood