ভাৰতৰ তাৰকা খেলুৱৈ পিভি সিন্ধু কালি ছিংগাপুৰ অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত কেৰ’লিনা মেৰিনৰ বিৰুদ্ধে পৰাস্ত হয়। এয়া হ’ল স্পেইনৰ প্ৰতিদ্বন্দী খেলুৱৈগৰাকীৰ বিৰুদ্ধে সিন্ধুৰ একেৰাহে ষষ্ঠ পৰাজয়। ইয়াৰ পূৰ্বে সিন্ধুৱে প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ ২১ সংখ্যক স্থানৰ খেলিৱৈ হজমাৰ্ক কেয়াৰছফেল্ডক ২১-১২, ২২-২০ গেমত পৰাস্ত কৰিছিল।
Site Admin | May 31, 2024 12:16 PM | P V Sindhu