এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ছিংগাপুৰ ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থামান ছানমুগাৰত্নমক সাক্ষাৎ কৰে। ড০ শৰ্মাই ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ভাৰত-ছিংগাপুৰৰ কৌশলগত অংশীদাৰিত্বত অসমৰ ভূমিকা সন্দৰ্ভত আলোচনাত মিলিত হয়। তেওঁ লগতে দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনক সাক্ষাৎ কৰি ভাৰতৰ এক্ট-ইষ্ট নীতিৰ অধীনত অসম আৰু ছিংগাপুৰৰ মাজত থকা অংশীদাৰিত্ব সুদৃঢ় কৰাৰ বিষয়ত মত-বিনিময় কৰে। মুখ্যমন্ত্ৰী শৰ্মাই দেশখনৰ ছুৰবানা জুৰং উদ্যোগৰ মুখ্য কাৰ্যবাহী বিষয়া লো চেৰ একৰ সৈতেও আলোচনাত মিলিত হয়। তেওঁ বিষয়াগৰাকীক অনাগত দিনত অসমক নগৰ উন্নয়নৰ লক্ষ্যৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে মুখমন্ত্ৰীগৰাকীয়ে ছিংগাপুৰৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ নেতাসকলৰ সৈতে ফলপ্রসূ আলোচনাত মিলিত হয় আৰু তেওঁলোকক জাগীৰোডত নিৰ্মাণ হ’বলগীয়া ইলেকট্ৰনিক চিটীৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়। এই ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ লগতে বাণিজ্যিক সহযোগিতা আৰু বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ প্ৰতিষ্ঠিত উদ্যোগপতিসকলৰ সৈতে কেইবাখনো পৃথক বৈঠকত অংশগ্ৰহণ কৰিব। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ’বলগীয়া এডভান্টেজ আছামৰ বাবে ৰাজ্যত ব্যাপক প্রস্তুতি চলি আছে। এইবাৰৰ এডভাণ্টেজ আছামত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু ভালেসংখ্যক দেশী-বিদেশী উদ্যোগীয়ে অংশগ্ৰহণ কৰিব।
Site Admin | February 11, 2025 6:48 PM | CM Himanta Biswa Sarma | CM Singapore
ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থামান ছানমুগাৰত্নমক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
