May 9, 2024 12:31 PM | IPL Cricket

printer

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ১০ উইকেট পৰাস্ত

ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ১০ উইকেট পৰাস্ত কৰে। খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত চাৰিটা উইকেট হেৰুৱাই ১৬৫ ৰাণ সংগ্ৰহ কৰে। লক্ষ্ণৌৰ হৈ আয়ুষ বড়োনিয়ে ৩০টা বলত ৫৫ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। নিকোলাছ পুৰাণে ৪৮ ৰাণৰ বৰঙণি আগবঢ়ায়। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ভূৱনেশ্বৰ কুমাৰে দুটা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৯ অভাৰ আৰু চাৰিটা বলত এটাও উইকেট নেহেৰুৱাকৈ ১৬৭ ৰাণ কৰে। হায়দাবাদৰ অপেনাৰ অভিষেক শৰ্মা আৰু ট্রেভিছ হেডে ক্ৰমে ৭৫ আৰু ৮৯ ৰাণ কৰে। ট্রেভিছ হেডক প্লেয়াৰ অৱ দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্রতিযোগিতাত আজি ধৰ্মশালাত হ’বলগীয়া পাঞ্জাব কিংছ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক