ডাউনলোড
মোবাইল এপ

android apple
signal

ছাত্ৰ-ছাত্ৰীসকলে শিকিবৰ বাবে বৰ্তমান বহু নতুন নতুন উপায় ওলাইছেঃ প্রধানমন্ত্ৰী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি কেইদিনমানৰ পাছতেই ভাৰতৰ কেইবাখনো ৰাজ্যত আৰম্ভ হ’বলগীয়া নৱবৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। দেশ-বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ বিভিন্ন ৰাজ্যত বিশেষকৈ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত উগাড়ী উৎসৱ পালন কৰা হৈছে। আজি মহাৰাষ্ট্ৰত পালন কৰা গুড়ী পৰোৱা উৎসৱৰ কথা উল্লেখ কৰি তেওঁ কয়, যে বৈচিত্ৰতাৰে ভৰা আমাৰ দেশত কেইদিনমানৰ পাছতে অসমত ৰঙালী বিহু, পশ্চিমবংগত পহিলা বৈশাখ আৰু কাশ্মীৰত নৱৰেহ উৎসৱ পালন কৰা হ’ব। এনেকৈয়ে অহা ১৩ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ দেশৰ সকলো ঠাই উৎসৱমুখৰ হৈ পৰিব। সমাগত ঈদ উৎসৱৰ বিষয়ে উল্লেখ কৰি তেওঁ এই উৎসৱসমূহৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

আজিৰ মন কী বাত অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে শিকিবৰ বাবে বৰ্তমান বহু নতুন নতুন উপায় ওলাইছে। কোনোবাই টেকনলজি কেম্পৰ আয়োজন কৰিছে য’ত ছাত্ৰ-ছাত্ৰীয়ে এপ বনাবলৈ শিকাৰ লগতে অ’পেন চোৰ্চ ছফটৱেৰ সম্পৰ্কেও জানিব পাৰিব। সেইদৰে গৰম বন্ধৰ সসময়ছোৱাত পৰিবেশ, নাটক, নেতৃত্ব আদি বিভিন্ন বিষয়ৰ প্ৰশিক্ষণৰো আয়োজন কৰা হয়। কোনো সংগঠন, বিদ্যালয় বা সামাজিক সংস্থাই যদি এনে কাৰ্যৰ আয়োজন কৰিছে তেনেহলে সেই কথা #myholidays ৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে অনুৰোধ জনাইছে।

অধিক পঢ়ক

সকলো চাওক