ডাউনলোড
মোবাইল এপ

android apple
signal

November 16, 2024 10:46 AM | PM Visit

printer

ছদিনীয়া ভ্রমনসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাইজেৰিয়া, ব্রাজিল আৰু গায়ানা ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ছদিনীয়া ভ্রমনসূচীৰে নাইজেৰিয়া, ব্রাজিল আৰু গায়ানালৈ যাব। তিনিখন দেশ ভ্ৰমণৰ প্ৰথম কাৰ্যসূচী হিচাপে তেও আজি নাইজেৰিয়াত উপস্থিত হ’বগৈ। ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৰ আমন্ত্রণমৰ্মে প্ৰধানমন্ত্ৰী গৰাকী নাইজেৰিয়ালৈ যাব। উল্লেখ্য যে ১৭ বছৰৰ পাছত ভাৰতৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে নাইজেৰিয়া ভ্ৰমণ কৰিব। ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনৰ শীৰ্ষ নেতৃত্বৰ সৈতে দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্বৰ পৰ্যালোচনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পর্ক বৃদ্ধিৰ সন্দৰ্ভত আলোচনাত মিলিত হ’ব। তেওঁ নাইজেৰিয়াত থকা ভাৰতীয় সম্প্ৰদায়ৰ এখন সমাৱেশতো ভাষণ দিব। ভাৰত আৰু নাইজেৰিয়াই ২০০৭ চনৰ পৰাই ক্ৰমবৰ্ধমান অর্থনীতি, শক্তি আৰু প্ৰতিৰক্ষাৰ সহযোগিতাৰে কৌশলগত অংশীদাৰিত্বৰ বাবে কাম কৰি আহিছে। ভাৰতৰ ২০০ৰো অধিক কোম্পানীয়ে নাইজেৰিয়াৰ গুৰুত্বপূৰ্ণ খণ্ডসমূহত ২৭ বিলিয়ন ডলাৰতকৈ অধিক বিনিয়োগ কৰিছে। নাইজেৰিয়াৰ পৰা ১৮ নবেম্বৰত প্ৰধানমন্ত্রী মোদী ব্রাজিললৈ যাত্ৰা কৰিব। তাত তেওঁ ৰিঅ’ ডি জেনেইৰ’ত আয়োজন কৰা জি-২০ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ সময়ত প্রধানমন্ত্রী মোদীয়ে বিশ্বজুৰি সৃষ্টি হোৱা বিভিন্ন সমস্যা আৰু বিষয়ত ভাৰতৰ স্থিতি দাঙি ধৰিব। জি-২০ সন্মিলনতে প্রদানমন্ত্রী মোদীয়ে বিশ্বৰ কেইবাজনো নেতাক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পিছতে প্রধানমন্ত্রী গায়ানালৈ যাব। ১৯ নবেম্বৰৰ পৰা ২১ নবেম্বৰলৈ তেওঁ গায়ানাত থাকিব । ১৯৬৮ চনৰ পিছত ভাৰতৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ এয়া হৈছে প্ৰথমটো গায়ানা ভ্রমণ। যোৱা বছৰ গায়ানাৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ ইৰফান আলীয়ে মধ্যপ্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত ১৭ সংখ্যক প্রবাসী ভাৰতীয় দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল। এই অনুষ্ঠানত তেওক প্রবাসী ভাৰতীয় সন্মানেৰে সন্মানিত কৰা হৈছিল।এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি ইৰফান আলীৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে গায়ানাৰ অন্যান্য জ্যেষ্ঠ নেতাসকলকো সাক্ষাৎ কৰিব।

অধিক পঢ়ক

সকলো চাওক